NORTHEAST NOW (Assamese)
অসম

দৰঙাত ভাৰত-ভুটান সীমান্তত বাণিজ্য কেন্দ্ৰ মুকলি

Posted by: মুকুট দাস September 12, 2018 8:21 pm

ভুটানৰ সৈতে বাণিজ্যিক সম্পৰ্কক অধিক গতি প্ৰদান কৰাৰ বাবে বুলি দাবী কৰি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে বাস্কা জিলাৰ দৰঙাত মুকলি কৰে এটা সীমান্ত বাণিজ্য কেন্দ্ৰ।

২০১১ চনত নিৰ্মাণ আৰম্ভ হোৱা এই ইণ্ড’-ভুটান বাণিজ্য কেন্দ্ৰটো অনুমোদিত হৈছিল ২০১০ চনত।

এই কেন্দ্ৰটোৱে স্থানীয় লোকসকলকে আটাইতকৈ সহায় কৰিব বুলি উল্লেখ কৰি ভাষণত সোণোৱালে কয়, ‘বাণিজ্য কেন্দ্ৰটোৱে ভাৰত-ভুটান বাণিজ্যিক সম্পৰ্কক শক্তিশালী কৰিব।’

সোণোৱালে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই ভাৰত-ভুটান সীমান্তৰ বিটিএদিৰ ওদালগুৰি, চিৰাং, বাস্কা আৰু কোকৰাঝাৰ জিলাত ২৬৪ কি.মি. পথ নিৰ্মাণ কৰিছে।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে অহা অক্টোবৰত সম্পূৰ্ণ হ’ব লগা ৰুপচি বিমান বন্দৰৰ পৰা চুবুৰীয়া বাংলাদেশ, ভুটান, ছিকিম আৰু বাগদ’গ্ৰালৈ বিমান চলাচল আৰম্ভ হ’ব।

তামুলপুৰত এখন কলেজ স্থাপনৰ বাবে বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰিয়ে কৰা দাবীকো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে মুখ্য মন্ত্ৰীয়ে।

সীমান্তৰ লোকসকলৰ অৱস্থাৰ উন্নতিৰ বাবে পৰ্য্যটন ক্ষেত্ৰৰো বিকাশ কৰা হ’ব। কংগ্ৰেছে উত্তৰ-পূবৰ উন্নয়নৰ বাবে একো নকৰিলে বুলি দাবী কৰি মুখ্য মন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে বিভিন্ন কাম কৰি আছে।

বাণিজ্য কেন্দ্ৰ উদ্বোধনী সভাত ৰাজ্যৰ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু হাগ্ৰামা মহিলাৰীও উপস্থিত আছিল।