NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইৰ খেতি পথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ : কৃষকে চপাব পৰা নাই খেতি, নীৰৱ বন বিভাগ

Posted by: নীলমনি শর্মা December 8, 2018 6:46 am
Wild-jumbo

বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে কৃষ্ণাইত কৃষকৰ হাহাকাৰ অৱস্থা হৈছে। বনৰীয়া হাতীৰ বাবে কৃষকে খেতি চপাব পৰা নাই। বিগত প্ৰায় এটা মাহে কৃষ্ণাই অঞ্চলৰ বিভিন্ন খেতি পথাৰত হাতীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলাই পকা ধান খাই, গচকি বিনষ্ট কৰিছে।

কৃষ্ণাইৰ নামাপাৰা,গোৱালপৰীয়া গাঁও,হাদী, বজুৰুক-মল্লপাৰা, মানিকপুৰ, সাকোমাৰী, ভেলাখামাৰ আদি গাৱঁৰ কৃষকে বনৰীয়া হাতীৰ এই তাণ্ডৱত হাহাকাৰ কৰি থাকিব লগা হৈছে।

স্থানীয় ৰাইজে বহু অভিযোগ কৰাৰ পাছতো বন বিভাগে হাতীৰ বৃহৎ জাকটোক খেদি পঠিয়াব পৰা নাই ৷ ইপিনে, হাতীৰ ভয়তে কৃষকে খেতি চপাব পৰা নাই।

আনহাতে, দুই চাৰিজনে মৰণক শৰণ দি খেতি চপাইছে যদিও অধিকাংশই হাতীৰ আক্ৰমণৰ ভয়ত পথাৰত নামিব পৰা নাই ৷ ইপিনে হাতীয়ে পকা ধাননি খাই, গচকি পেলাইছে।

বন বিভাগক খবৰ দিয়াৰ পাছতো বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।  পৰ্যাপ্ত বন কৰ্মী নথকাৰ অজুহাত দেখুৱাই বন বিভাগে দুই এটা লাইট দিয়ে দায়িত্ব সামৰিছে ৷ তদুপৰি, বন কৰ্মী সকলে হাতীৰ আগমণ সম্পৰ্কে ফোন কৰিলে কোনো সঁহাৰি নজনোৱাৰ অভিযোগ উঠিছে।

এতিয়া কৃষ্ণাইৰ নামাপাৰা,হাদী, বুজৰুক, মানিক পুৰ আদিকে ধৰি কুৰিখন গাৱঁৰ ৰাইজে খেতি চপাব নোৱাৰি হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে।