NORTHEAST NOW (Assamese)
অসম

ছয়মাহৰ ভিতৰতে আহি আছে অক্সফ’ৰ্ডৰ ভেকচিন; ক্ষিপ্ৰতাৰে আৰম্ভ হ’ব উৎপাদনৰ কাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2020 8:40 am
WhatsApp Image 2020-10-04 at 8.04.05 AM

অক্সফ’ৰ্ডৰ গৱেষণা তথা ফাৰ্মাচিউটিকেল সংস্থা আষ্ট্ৰাজেনেকাৰ যৌথ প্ৰচেষ্টাত বহু আগেয়েই ভেকচিন প্ৰস্তুতৰ কাম আৰম্ভ হৈছে। ইয়াৰ ট্ৰায়েলো শেষ পৰ্যায়ত।

চলিত বছৰতেই এই ভেকচিন অহাৰ খৱৰে আশা জগাইছে। কোৱা হৈছে যে ছয় মাহ নহয়, তাৰ পূৰ্বেই  ভেকচিন অহাৰ অনুমান কৰা হৈছে।

বাতৰি অনুসৰি, অহা ছয় মাহৰ ভিতৰত এই ভেকচিন আহিব।

ব্ৰিটেইনৰ ভেকচিন সম্বন্ধীয়া যুটীয়া সমিতিয়ে এটা বিশেষ নিয়ম প্ৰস্তুত কৰিছে। তাত কোৱা হৈছে যে প্ৰথমতে ৬৫বছৰ ওপৰৰ ব্যক্তিক ভেকচিন দিয়া হ’ব। তদুপৰি, যিসকলৰ আন বেমাৰ আছে তেওঁলোকক দিয়া হ’ব।

ইয়াৰ পাছতে পঞ্চাশৰ ওপৰৰ ব্যক্তিক আৰু শেষত যুৱ সম্প্ৰদায়ক এই ভেকচিন দিয়া হ’ব।

দেশখনৰ প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে কৰ’না ভেকচিনৰ ১০০ মিলিয়ন ড’জৰ অৰ্ডাৰ দিয়া হৈছে।

আনুষ্ঠানিকভাৱে এই ভেকচিনৰ সফলতা প্ৰমান হোৱাৰ পূৰ্বেই ইয়াৰ উৎপাদনৰ কাম আৰম্ভ কৰা হ’ব। কিয়নো গৱেষকসকল নিশ্চিত যে এই ভেকচিনে কমেও ৫০শতাংশ সংক্ৰমণ হ্ৰাস কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে কিছুদিন পূৰ্বে পাৰ্শ্ব প্ৰতিক্ৰিয়াক লৈ সৃষ্টি উদ্বেগৰ পাছত অক্সফ’ৰ্ডৰ ভেকচিনৰ ট্ৰায়েল বন্ধ কৰা হৈছিল। ভাৰততো ইয়াৰ ট্ৰায়েল বন্ধ কৰিবলৈ দিয়া হয়।

কিন্তু পাছত অক্সফ’ৰ্ডে স্বস্তি প্ৰদান কৰি পুনৰ ট্ৰায়েল প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। বিশ্বৰ ১৮,০০০ লোকে এই ট্ৰায়েলত অংশগ্ৰহণ কৰিছে। ভাৰতত ছিৰাম ইনষ্টিটিউটৰ সৈতে এই ভেকচিনৰ প্ৰস্তুতি চলিছে।