NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত বিহুৰ চান্দা তুলিবলৈ যোৱা অৱস্থাত কমিটিৰ সদস্যক আক্ৰমণ : গুৰুতৰভাৱে আহত ৪ জন

Posted by: এন ই নাও নিউজ April 21, 2018 8:32 pm
সংঘৰ্ষৰ

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত বিহুৰ চান্দা তুলিবলৈ যোৱা অৱস্থাত বিহু কমিটিৰ সদস্যক আক্ৰমণৰ দৰে এক অঘটন সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে বিহুৰ চান্দা তুলিবলৈ যোৱা কৃষ্ণাই কমিটিৰ সদস্যক অৰ্চাড গ্ৰীণ নাৰ্চাৰীৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত বিহু কমিটিৰ সদস্যকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰাৰ পিছতে বিহু কমিটিৰ অন্য একাংশ সদস্যই নাৰ্চাৰীখনৰ এটা বাসৃগহ, এখন বাইক আৰু এখন পিকআপ ভান জ্বলাই দিয়ে।

সেই সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিহু কমিটিৰ আঘাতপ্ৰাপ্ত সদস্য ক্ৰমে বিহু কমিটিৰ সম্পাদক ৰেজাউল (ভাইটী), সভাপতি দশিমুদ্দিন হাজৰিকা, আজাদ আলী আৰু আলী হুছেইনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে।

লগতে বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰা চাৰিজন লোক ক্ৰমে জাগৰুল ইছলাম, চাব্বিৰ আহম্মেদ, ৱাহাদুল ইছলাম আৰু হিজবুল ইছলামক আটক কৰে।

ইফালে পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে একাংশ স্থানীয় ৰাইজ ক্ষোভিত হৈ আৰক্ষী চকীত হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ স’তে তৰ্ক-তৰ্কিত লিপ্ত হয়।