NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ অপহৰণকাণ্ডৰ সৈতে জড়িত মূল ষড়যন্ত্ৰকাৰীক ডিমাপুৰত গ্ৰেপ্তাৰ

July 1, 2018 11:53 am · নীলমণি শৰ্মা

যোৱা ৭ জুনত গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত কঠালগুৰীৰ লক্ষ্মী শিল কুৱেৰীৰ মেনেজাৰ সঞ্জীত নাথৰ অপহৰণকাণ্ডৰ মূল অভিযুক্ত অমিত খাকলাৰী ওৰফে অমিত লাংথা আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ৭ জুনত গোৱালপাৰাৰ কঠালগুৰিৰ লক্ষ্মী শিল কুৱেৰীৰ মেনেজাৰ সঞ্জীত নাথৰ অপহৰণকাণ্ডৰ পিছতে ধুপধৰা আৰক্ষীয়ে ১০৩/ ১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫ আৰু ৩৬৪ ( এ) ধাৰাত গোচৰ পঞ্জীয়ন কৰি নাথক উদ্ধাৰৰ বাবে অভিযান চলাইছিল।

ফলত আৰক্ষীয়ে অপহৰণকাণ্ড সংঘটিত হোৱা দুদিনৰ পিছতে অপহৃত মেনেজাৰজনক উদ্ধাৰ কৰাৰ লগতে এই অপহৰণ কাৰ্যত জড়িত ৬ অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল। কিন্তু অপহৰণ কাণ্ডৰ প্ৰধান ষড়যন্ত্ৰকাৰী অমিত খাকলাৰী পলাতক অৱস্থাত আছিল।

অৱশেষত গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে নিশা নাগালেণ্ডৰ পূব ডিমাপুৰৰ পৰা অমিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related News