NORTHEAST NOW (Assamese)

গোৱালপাৰা ছায়েন্স একাডেমীৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

March 14, 2018 10:46 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

গোৱালপাৰাৰ ছায়েন্স একাডেমীত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাডিল হোৱা ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি এক সংবাদমেলৰ আয়োজন কৰে।

উক্ত সংবাদমেলত তেওঁলোকে ফাডিল হোৱা প্ৰশ্ন কাকতখনৰ সৈতে মডেল প্ৰশ্ন কাকতৰ সম্পূৰ্ণ মিল থকা বুলি অভিযোগ তোলে।

সংবাদমেলত ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰে কয়, ‘২০১১ বৰ্ষৰ পৰা ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত পৰীক্ষা সমূহৰ প্ৰশ্ন কাকত ফাদিল, গৰুৱে বহী খোৱা, পৰীক্ষাৰ বহী জ্বলা, ফলাফলৰ বিসংগতি ইত্যাদি বিসংগতিসমূহ চলি আছে। কিন্তু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়াসকলৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা হাতত লোৱা নাই।’

তেওঁ প্ৰশ্ন কাকত ফাদিল হোৱাক শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা বুলি মন্তব্য কৰি কয়,  ‘গোৱালপাৰা ছায়েন্স একাডেমীত ফাডিল হোৱা মডেল প্ৰশ্ন কাকতৰ সৈতে ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান, অংক, ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত সম্পূৰ্ণৰূপে সাদৃশ্য পোৱা দেখা গৈছে।’

তদুপৰি তেওঁ শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈয়ে ৭ মাৰ্চত গোৱালপাৰালৈ গৈ কেৱল নামমাত্ৰ তদন্ত কৰি ক্লিনশ্বিট প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে।

ইয়াৰোপৰি সংগঠনটোৱে যোৱা ১০ মাৰ্চত ১৪৫/১৮ নম্বৰত ছায়েন্স একাডেমীৰ কতৃপক্ষৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল বুলি জানিবলৈ দিয়ে।

লক্ষণীয় যে সংগঠনটোৰ নেতৃবৰ্গই ছায়েন্স একাডেমীৰ কতৃপক্ষই শিক্ষা বিভাগৰ কোনো অসাধু চক্ৰৰ লগ লাগি কেৱল প্ৰশ্নৰ ভাষা সলনি কৰি মডেল প্ৰশ্ন কাকত প্ৰস্তুত কৰা বুলি অভিযোগ তুলাৰ লগতে গণিতৰ প্ৰশ্ন কাকতত ৯৬ শতাংশই মিল থকা বুলি সদৰী কৰে।

ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰী সভাপতি জনে দোষী ছায়েন্স একাডেমীৰ স্বীকৃতি বাতিল কৰিবৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে এই সমগ্ৰ ঘটনাৰ চি আই ডি অথবা চিবিআই তদন্তৰ দাবী জনায়।

আনহাতে উক্ত সংবাদমেলতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বাজেটত ঘোষণা কৰা ভিতৰুৱা অঞ্চলত পি পি পি আঁচনিৰ অধীনত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বত ১০০ খন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ সিদ্ধান্তৰ জৰিয়তে চৰকাৰে শিক্ষাখণ্ডক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰিব খুজিছে বুলি মন্তব্য কৰে।

Related News