NORTHEAST NOW (Assamese)
অসম

গ্ল’বেল এডুকেচন এণ্ড টেকনোৱৰ্ল্ডৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Posted by: এন ই নাও নিউজ June 14, 2018 9:30 am

নলবাৰী জিলা চমতা আৰু হাৰিভাঙ্গাত অৱস্থিত গ্ল’বেল এডুকেশ্বন এণ্ড টেকনোৱৰ্ল্ড নামৰ কাৰিকৰী শিক্ষানুষ্ঠানখনে কালি কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন  জনোৱাৰ উদ্দেশ্যে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে।

উল্লেখযোগ্য যে এই অভিনন্দন অনুস্থানত নলবাৰী জিলাৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলাৰ বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মাই কৃতী ছাত্ৰ-ছাত্ৰীসকলক দুগুণ উৎসাহেৰে অধ্যয়ন কৰিবৰ বাবে আহ্বান জনোৱাৰ উপৰিও ভৱিষ্যতে একো-একোগৰাকী সু-নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে পৰামৰ্শ প্ৰদান কৰে।

গ্ল’বেল পৰিয়ালৰ হৈ উক্ত অনুষ্ঠানত শুভাকাংক্ষী ভাস্কৰ শৰ্মাৰ লগতে অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থান লাভ কৰা পম্পী বৰ্মন ( কলা শাখা ),  হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা দেৱাশীষ ভৰদ্বাজৰ লগতে অন্য কেইবাগৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক তেওঁলোকে অভিনন্দন জ্ঞাপন কৰে।