NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত নাম নাহিব বুলি মানসিক চাপ সহ্য কৰিব নোৱাৰি ওদালগুৰিত এজনৰ আত্মহত্যা

Posted by: চাজিদ খান June 14, 2018 8:43 am
nrc-suicide-1-570x320

নিজকে এগৰাকী ভাৰতীয় নাগৰিক বুলি প্ৰমান কৰিব নোৱাৰাৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি সোমবাৰে নিশা ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত নিছলামাৰী গাঁৱৰ গোপাল দাস(৬৫) নামৰ এজন লোকে আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে।

সাধাৰণ শ্ৰেণীৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সোমোৱাৰ দিশত সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ ই এক উদাহৰণ নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

জানিব পৰা মতে দৈনিক হাজিৰা কৰা দাসে ১৯৬৬ চনৰ ভোটাৰ তালিকাত নাম থকা সত্বেও তেওঁৰ নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰাৰ তীব্ৰ মানসিক চাপত ভূগি আছিল।

তেওঁৰ পৰিয়ালৰ লোকে জনায় যে তেওঁ ওদালগুৰিৰ বিদেশী ন্যায়াধীকৰণৰ পৰা এখন জাননী লাভ কৰাৰ পিছত ন্যায়ৰ দুৱাৰে দুৱাৰে ঘুৰি ইতিমধ্যে উকীলৰ মাচুলৰ নামত ১৫,০০০ টকা খৰচ কৰিছিল।

তেওঁলোকে লগতে জানিব দিয়ে যে তেওঁ এন আৰ চিত তেওঁৰ নাম নাহিব পাৰে বুলি চিন্তিত হৈ পৰিছিল।

আত্মহত্যাৰ ঘটনাটো সংঘটিত হোৱাৰ পিছত বৃহৎ সংখ্যক লোক ঘটনাস্থলীত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

‘’তেওঁৰ মৃতদেহৰ মৰমোত্তৰ পৰীক্ষা কৰাৰ লগতে তদন্ত আৰম্ভ কৰা হৈছে,’’-কৰ্তব্যত থকা উপ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে লগতে কয় যে আত্মহত্যাৰ ঘটনাটোক এন আৰ চিৰ লগত সম্পৰ্কিত কৰাটো এতিয়া অতি আগতীয়া হ’ব।

‘’ সঠিক অনুসন্ধানৰ পিছত প্ৰকৃত সত্য পোহৰলৈ আহিব,’’-তেওঁ কয়।