NORTHEAST NOW (Assamese)
Popular Stories

নতুনকৈ স্থাপন কৰা কলেজত অৱসৰপ্ৰাপ্তক নিযুক্তি দিয়াৰ তীব্ৰ বিৰোধিতা ডিৱাইএফআই-এছএফআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2025 6:18 pm

নতুনকৈ স্থাপন হোৱা মহাবিদ্যালয় আৰু নতুন বিভাগৰ শিক্ষক পদৰ ৫০ শতাংশ পদত অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিবলৈ ওলোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন(এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এয়া উচ্চ শিক্ষিত যুৱক-যুৱতীৰ স্বপ্ন ভংগৰ ভয়াবহ আখৰা বুলি অভিহিত কৰিছে।

ৰাজ্যখনত নিৱনুৱা সমস্যা ভয়াবহ ৰূপ লৈছে। উচ্চ শিক্ষিত নিবনুৱাৰ সংখ্যাই সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰাৰ সময়তে অসম চৰকাৰৰ এই সিদ্ধান্তই হতাশাজনক বাৰ্তা কঢ়িয়াই আনিছে।  উচ্চ শিক্ষা প্ৰতিষ্ঠানত অস্থায়ী আৰু অৱসৰপ্ৰাপ্তক নিযুক্তিৰ মাজেৰে চৰকাৰে শিক্ষাখণ্ডৰ লগতে সামগ্ৰী সমাজলৈ নেতিবাচক বাৰ্তা কঢ়িয়াই আনিব ওলাইছে। এয়া ঋণগ্ৰস্ত চৰকাৰখনৰ আৰ্থিক দেউলীয়া অৱস্থাৰ প্ৰতিফলন হৈছে আৰু চৰকাৰে বিত্তীয় খৰচ কমোৱাৰ কৌশল বুলি চৰ্চিত হৈছে।

চৰকাৰৰ অৱসৰপ্ৰাপ্ত ব্যক্তিক নিযুক্তি দিয়া অদ্ভুত আৰু আশ্চৰ্যকৰ সিদ্ধান্তই শিক্ষিত যুৱক-যুৱতীৰ লগতে শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ লগতে সচেতন সমাজকো চিন্তিত কৰি তুলিছে। ডি ৱাই এফ আইয়ে ৰাজ্যৰ যুৱক-যুৱতীৰ স্বাৰ্থৰ পৰিপন্থী এই সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ দাবী জনাইছে।