NORTHEAST NOW (Assamese)
অসম

আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব শ্বেৰমান আলীয়ে, অন্যথা কথা বিষম হ’ব: শৃংখল চলিহা

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক October 1, 2021 7:27 am
Shrinkhal Chaliha Press meet

Shrinkhal Chaliha reaction:যোৰহাট প্ৰেছ ক্লাবত বৃহস্পতিবাৰে বিয়লি এখন সংবাদ মেল পাতি বীৰ লাচিত সেনাই গৰুখুঁটিৰ কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে l

সংবাদ মেলত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ নেতা শৃংখল চলিহাই গৰুখুঁটিৰ উচ্ছেদক লৈ চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে শ্বহীদক অপমান কৰা শ্বেৰমান আলীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰেl

আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব শ্বেৰমান আলীয়ে, অন্যথা কথা বিষম হ’ব বুলি সকীয়াই দিয়ে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে l

তেওঁ কয় যে শ্বেৰমান আলীক চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগিব, অন্যথা যি কোনো পৰিস্থিতিৰ বাবে সাজু থাকক চৰকাৰ। নহ’লে শাৰীৰিকভাবেও প্ৰহাৰ কৰা হ’ব শ্বেৰমান আলীক l

আৰু পঢ়ক: ‘শ্বেৰমান আলি’ বিজেপিৰ এজেন্ট! এসময়ৰ আজমলৰ ঘনিষ্ঠ অনুচৰ শ্বেৰমানৰ ‘বিদ্বেষ’ত জ্বলিছে অসম

শৃংখল চলিহাই কয়, ‘’হিন্দ মুছলমান নহয়, খিলঞ্জীয়া এক গোট হওক l ইতিমধ্যে বাংলাদেশী হিন্দু-মুছলমান একগোট হৈছেইl শ্বেৰমান আলীয়ে পূৰ্বতেও সাম্প্রদায়িকতাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিছিল l বাৰে বাৰে জাতীয় সত্তাক অপমান কৰিলে বীৰ লাচিত সেনা বহি নাথাকিব l’’

নেতাগৰাকীয়ে লগতে আশা ব্যক্ত কৰি কয়  ‘চৰকাৰৰ ওপৰত বিশ্বাস আছে যে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব l’

আনহাতে,  ৰাজনৈতিক প্ৰসংগত শৃংখল চলিহাই কয়, ‘ৰাইজৰ দলৰ গঠন প্ৰক্ৰিয়াৰ লগত হে জড়িত হৈছিলো, ৰাইজৰ দলৰ লগত নহয় l’

ইপিনে, অসমত তৃণমূলৰ তৎপৰতাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৃংখলে কয়, ‘’মমতা বেনাৰ্জীক অসমৰ ৰাজনীতিত প্ৰবেশ কৰিবলৈ দিয়া নহব l মমতা বেনাৰ্জীক অসমৰ পৰা এখন আসনো জিকিবলৈ দিয়া নহ’ব l আমি সদায় জাতিৰ স্বাৰ্থত আছোl’’