NORTHEAST NOW (Assamese)
অসম

লামডিং ডিভিজনত পুনৰ ৫০জন বহিঃৰাজ্যৰ যুৱক-যুৱতীৰ যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2019 9:05 am
Lumding Railways division outsiders

যোৱা মাহত থলুৱাক সম্পূৰ্ণকৈ বঞ্চিত কৰি ৮৯৯জন বহিৰাগত যুৱক-যুৱতীক লামডিং ডিভিজনত নিযুক্তি দিয়াৰ পিছত উঃ-পূঃ সীমান্ত ৰেইলৱে’ৰ এই ডিভিজনটোৱে পুনৰ ৫০জন বহিঃৰাজ্যৰ যুৱক-যুৱতীক যোগদান কৰাইছে,  লামডিঙৰ এটা স্থানীয় সূত্ৰ এটাই জানিবলৈ দিছে।

নগাওঁ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৩ নৱেম্বৰত লামডিং ডিভিজনত উপস্থিত হৈ থলুৱাক বঞ্চিত কৰি ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিত পাইকাৰী হাৰত বহিৰাগতক নিযুক্তি দিয়াৰ ব্যাখ্যা বিচৰাৰ দুদিন পিছতে সংঘটিত হোৱাটোৱে প্ৰমাণ কৰিছে যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কাৰো কথালৈ কেৰেপ নকৰে।

প্ৰায়সকলেই বিহাৰৰ মুঠ ৫০জন যুৱক-যুৱতীয়ে ৪ৰ্থ বৰ্গৰ পদত যোগদান কৰিছে আৰু তেওঁলোকৰ কৰ্তব্যৰ স্থান ইতিমধ্যে কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিছে।

অক্টোবৰৰ ১৫ তাৰিখত ডিভিজনটোত মুঠ ৮৯৯জন বহিৰাগতই যোগদান কৰিছিল। আনহাতে একে সময়তে ৰঙিয়া ডিভিজনতো শতাধিক পদত বহিৰাগত যুৱক-যুৱতীক নিযুক্তি দিছিল উত্তৰ-পূব সীমান্ত ৰেইলৱে’।

আছুকে দৰি বিভিন্ন দল-সংগঠনে এই কাৰ্য্যৰ প্ৰতিবাদ কৰিলেও তাৰ কোনো ফল পোৱা নগ’ল। সকলো আবেদন-নিবেদন, প্ৰতিবাদ আওকাণ কৰি ৰেইলৱেই অব্যাহত ৰাখিছে থলুৱাৰ প্ৰতি এই ষড়যন্ত্ৰ।

উল্লেখ কৰিব পাৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেইত অসমৰ থলুৱাক বঞ্চনা এটা নিয়মীয়া কথাৰ দৰে হৈ আহিছে যদিও বিজেপি চৰকাৰৰ দিনত থলুৱা বিৰোধী এই ষড়যন্ত্ৰ অধিক শক্তিশালী হৈ উঠিছে।