NORTHEAST NOW (Assamese)
অসম

বৰপেটাতো চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত চিপি এম দলৰ জে’ল ভৰো কাৰ্যসূচী ৰূপায়ন

Posted by: পুলেন্দ্ৰ দাস August 9, 2018 5:47 pm
barpta photo

চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চিপি এম দলে আজি  দেশজুৰি জে’ল ভৰো কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটাতো বাওঁপন্থী  দলসমূহে জে’ল ভৰো কাৰ্যসুচী ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষি ঋণ মঞ্জুৰ কৰা, কৃষিজাত ফচলৰ উৎপাদন খৰচৰ ডেৰগুণ মূল্য নিৰ্ধাৰণ, বৃদ্ধ কৃষকক পেঞ্চন প্ৰদানৰ লগতে মুঠ  ১২ দফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদকাৰী সকলে বৰপেটা পৌৰসভাৰ খেল পথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হোৱাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে।

আটকাধীন সকলক জিলা পুথিভঁৰাল প্ৰাংগণত আৰক্ষীয়ে আবদ্ধ কৰি ৰাখে। ইয়াতেই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত চি পি আই( এম) দলৰ আজিজুৰ ৰহমান, তফিজ উদ্দিন আহমেদ, আদি উপস্থিত থাকে ৷

পিছত আটকাধীন আটাইকে ব্যক্তিগত জামিনত আৰক্ষীয়ে মুকলি কৰি দিয়া হয়৷

আনহাতে, ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো চিটু আৰু অসম ৰাজ্যিক কৃষৰ সভাই আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি আজি ৰূপায়ণ কৰা জে’ল ভৰো কাৰ্যসূচীৰ অংশ হিচাপে ধুবুৰীত প্ৰতিবাদকাৰীসকলে ৰাজপথৰ ওপৰতে বহি প্ৰতিবাদ সাব্যস্ত কৰে।