NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ কাৰ্যালয় পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ July 12, 2018 4:20 pm

লখিমপুৰ জিলা ভ্ৰমণলৈ অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জিলাখনৰ কদম ৰাজহ চক্ৰ কাৰ্যালয় আকস্মিক পৰিদৰ্শন কৰি বিষয়া-কৰ্মচাৰী কাম-কাজৰ লগতে কাৰ্যালয়টোৰ সামগ্ৰীক পৰিৱেশৰ বুজ লয়।

পৰিদৰ্শনকালত মুখ্য মন্ত্ৰী গৰাকীয়ে কৰ্মচাৰী সকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে প্ৰয়াস কৰিছে আৰু সেই লক্ষ্য সাৰোগত কৰি চৰকাৰী কাৰ্যালয়সমূহো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগিব।

আনহাতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত নেতৃস্থানীয় নাগৰিকসকলৰ সৈতে নিয়মিতভাৱে সভা অনুষ্ঠিত কৰি ৰাইজকো চৰকাৰী কাম-কাজৰ বিশেষ অংশ হিচাপে জড়িত কৰিবলৈ ৰাজহ চক্ৰ বিষয়া গৰাকীক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু আৰু উপায়ুক্ত ড০ জীৱন বিও উপস্থিত থাকে।