NORTHEAST NOW (Assamese)
অসম

মোদীৰ ‘মেন ভাৰ্ছেছ ৱাইল্ড’ শ্ব’ৱে অতুল্য ভাৰত প্ৰচাৰ অভিযানক দিব এক নতুন মাত্ৰা

Posted by: অনিৰ্বান ৰয় Updated by: অনিৰ্বান ৰয় August 13, 2019 11:15 am
Man-vs-Wild-1140x570

সৰ্বত্ৰ চৰ্চিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেন ভাৰ্ছেছ ৱাইল্ড শ্ব’ৰ দ্বাৰা প্ৰবুদ্ধ হৈ পৰ্যটন মন্ত্ৰালয়ে ইয়াৰ অতুল্য ভাৰত প্ৰচাৰ অভিযানত (Incredible India campaign) পৰৱৰ্তী দুমাহৰ বাবে বন্যপ্ৰাণীক ইয়াৰ ‘থীম’ হিচাপে অন্তৰ্ভুক্ত কৰিছে।

মেন ভাৰ্ছেছ ৱাইল্ড শ্ব’টোৰ সোমবাৰে ডিছকভাৰী নেটৱৰ্ক চেনেলত বিশ্বৰ ১৮০ খনতকৈয়ো অধিক দেশত প্ৰাৰম্ভিক সম্প্ৰচাৰ কৰা হৈছে।

পৰ্যটন মন্ত্ৰালয়ৰ সূত্ৰসমূহে ‘নৰ্থইষ্ট নাও’ক সোমবাৰে কয় যে  অতুল্য ভাৰত বন্যপ্ৰাণী প্ৰচাৰাভিযানত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক মূখ্য ৰূপত তুলি ধৰা হ’ব।

চাৰ্ভাইভেলিষ্ট তথা এডভেঞ্চাৰাৰ বীয়াৰ গ্ৰীলছৰ সৈতে মোদীৰ মেন ভাৰ্ছেছ ৱাইল্ডৰ বিশেষ খণ্ডটো জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত শ্বুট কৰা হৈছিল।

এই কথা নিশ্চিত যে সাম্প্ৰতিক ৰাজনৈতিক পৰিমণ্ডলত মোদী হৈছে বাৰতৰ আটাইতকৈ উজ্জ্বল মহানায়ক।

পৰ্যটন মন্ত্ৰালয়ৰ বিষয়াসকল আশাবাদী যে মোদীৰ মেন ভাৰ্ছেছ ৱাইল্ড শ্ব’ক পৰ্যটনৰ প্ৰচাৰৰ সৈতে সাঙোৰাটোৱে নিশ্চিতভাৱে ভাল ফল দিব।

পৰ্যটন বিভাগৰ মন্ত্ৰী প্ৰহ্লাদ পেটেলো নতুন অতুল্য ভাৰত প্ৰচাৰ অভিযানক লৈ অত্যুৎসাহী।

অতুল্য ভাৰত ২০০২ চনত পৰ্যটন মন্ত্ৰালয়ে আৰম্ভ কৰা এক আন্তৰ্জাতিক প্ৰচাৰাভিযান।

পৰ্যটন মন্ত্ৰালয়ৰ বিষয়াসকলে দাবী কৰা অনুসৰি, অতুল্য ভাৰত প্ৰচাৰাভিযানত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো মুখ্য ৰূপত দাঙি ধৰা হ’ব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ দুই তৃতীয়াংশ এশিঙিয়া গঁড়ৰ বসতি।

বন্যপ্ৰাণীৰ বসতিস্থল উদ্যানখনত ২,৪১৩ টা গঁড় আছে। এইখন য়ুনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত মৰ্যাদাপ্ৰাপ্ত।

প্ৰকৃততে, বিশ্বৰ সুৰক্ষিত অঞ্চলসমূহৰ মাজত কাজিৰঙাত বাঘৰ উপস্থিতিৰ ঘনত্ব আটাইতকৈ বেছি, আৰু ইয়াক ২০০৬ চনত ব্যঘ্ৰ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হয়।

উদ্যানখন বৃহৎ সংখ্যক হাতী, বনৰীয়া মহ আৰু হৰিণাৰো বসতিস্থল।