NORTHEAST NOW (Assamese)
অসম

গৌতম ৰয় এজন ‘সুবিধাবাদী ৰাজনীতিবিদ’, মন্তব্য প্ৰাক্তন সতীৰ্থৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2019 10:58 am
gautam-bjp-

প্ৰভাৱশালী কংগ্ৰেছ নেতা গৌতম ৰয়ে গেৰুৱা বসন পিন্ধা সন্দৰ্ভত বৰাকৰ জ্যেষ্ঠ বিজেপি নেতাসকলে মন্তব্য কৰাৰ পৰা বিৰত আছে যদিও প্ৰাক্তন সতীৰ্থ সকলে কিন্তু ৰয়ক এগৰাকী ‘সুবিধাবাদী ৰাজনীতিবিদ’ বুলিহে অভিহিত কৰিছে।

কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৰয়ৰ এই কাৰ্যক সুবিধাবাদী বুলি আখ্যা দিয়ে।

তেওঁলোকে লগতে কয় যে ৰয়ৰ বিজেপি যোগদানে কংগ্ৰেছৰ একো ক্ষতি কৰিব নোৱাৰে কাৰণ তেওঁ এগৰাকী আত্মকেন্দ্ৰিক ৰাজনীতিবিদ।

গৌতম ৰয়ৰ বিজেপিত যোগদানৰ পাছতে এশৰো অধিক কংগ্ৰেছ সমৰ্থকে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

ইফালে হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি জয়নাল উদ্দিন লস্কৰে ৰয়ক সমালোচনা কৰি কয় যে সদাই ক্ষমতাত থাকিব বিচৰা ৰয়ে ২০১৬ৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছৰে পৰা গুৰুত্বহীন তথা ক্ষমতাহীন হৈ পৰিছিল।

আনহাতে বৰাকৰ বহুকেইজন জ্যেষ্ঠ নেতাই এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে।

গৌতম ৰয়ৰ বিজেপি যোগদান কাৰ্য দলৰ সিদ্ধান্ত বুলি মন্তব্য কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থই।