NORTHEAST NOW (Assamese)
অসম

বিশ্ব অংগ দান দিৱসৰ লগত সংগত ৰাখি জুবলী ফাউণ্ডেশ্যনৰ চাইকেল ৰেলী

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 13, 2019 12:09 pm
IMG-20190813-WA0008

বিশ্ব অংগ দান দিৱসৰ লগত সংগতি ৰাখি জুবলী ফাউণ্ডেশ্যনে মঙলবাৰে এক চাইকেল ৰেলী উলিয়াই। ‘চাইকেল টু ৰি-চাইকেল’ শীৰ্ষক এই ৰেলীটো অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আৰম্ভ হয়।

এই সন্দৰ্ভত জুবলীয়ে কয়, ‘জুবলী ফাউণ্ডেশ্যনে আজি বিশ্ব অংগ দান দিৱস পালন কৰিলো। যদিও কোনো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সংগঠনে আজিৰ দিনটো বিশ্ব অংগ দান দিৱস হিচাপে ঘোষণা কৰা নাছিল তথাপিও আমাক এটা সুযোগ লাগে আৰু সুযোগ পালেই আমি এইদৰে ওলাই আহো’।

ইয়াৰ উপৰি তেওঁ কয়, ‘সকলো ওলাই আহি অংগ দান কৰক। এজন ব্যক্তিয়ে যদি অংগদান কৰে তেন্তে আন ৯ জন ব্যক্তিক জীৱন দান দিব পাৰে’।

যুৱ প্ৰজন্মৰ মাজত অংগদানক লৈ সজাগতা সৃষ্টিৰ বাবে এই ৰেলী আৰম্ভ কৰা হৈছে বুলি জানিব দিয়ে সংগঠনটোৰ সহ-চেয়াৰমেন পাৰ্থ প্ৰতীম গোস্বামীয়ে।

ইয়াৰ উপৰি সংগঠনটোৰ চি ই অ’ প্ৰিয়ংকা বৰাই কয়, ‘আমি ২০১৩ চনৰ পৰাই অংগদানক লৈ সজাগতা মূলক কাম কৰি আহিছো। আজি বিশ্ব অংগ দান দিৱসৰ লগত সংগতি ৰাখি আমাৰ সংগঠনে ৰাজ্যিক চিৰিয়াখানাৰ পৰা চানমাৰি ৰোড হৈ গুৱাহাটী ক্লাবেৰে গণেশগুৰি হৈ পুনৰ ৰাজ্যিক চিৰিয়াখানাত এই ৰেলী শেষ কৰিছো’।

প্ৰায় ৩০জনৰো অধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰা ৰেলীটোত মানুহৰ মাজত অংগদানক লৈ থকা ভুল ধাৰণা আঁতৰ কৰাই ইয়াৰ মূল উদ্দেশ্য বুলিও তেওঁ জানিব দিয়ে।

উল্লেখ্য যে প্ৰতিবছৰে ১৩ আগষ্টৰ দিনটো  সমগ্ৰ বিশ্বজুৰি ‘বিশ্ব অংগ দান দিৱস’ হিচাপে পালন কৰি অহা হয় আৰু তাৰ লগত সংগতি ৰাখি জুবলী ফাউণ্ডেশ্যনে আৰম্ভ কৰা সজগতাই এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিছে সংগঠনটোৰ চি ই অ’ প্ৰিয়ংকা বৰাই।