NORTHEAST NOW (Assamese)
অসম

শিল্পী মন্দিৰা শৰ্মা লাহিড়ীক অসম সাহিত্য সভাৰ সম্বৰ্ধনা

Posted by: এন ই নাও নিউজ July 12, 2018 3:53 pm
1f2e0bb3-8933-48b7-8208-b5561cb5b7e3

কলকাতাৰ কণ্ঠশিল্পী তথা অসম কন্যা মন্দিৰা শৰ্মা লাহিড়ীৰ এক সংগীতানুষ্ঠান ১১ জুলাইৰ সন্ধিয়া ৬-৩০ বজাৰ পৰা গুৱাহাটীৰ সংগীতাচার্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয়।

অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতি আৰু আর্থ-সামাজিক উন্নয়ন সংস্থা ‘মুক্তি’ৰ উদ্যোগত  অনুষ্ঠিত এই সংগীতানুষ্ঠানৰ আৰম্ভণিৰ পূর্বে শিল্পীগৰাকীৰ জীৱনৰ আলোকপাত কৰি শিল্পীগৰাকীক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

প্ৰতিথযশা কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই উদ্বোধন কৰা সংগীতানুষ্ঠানটোত আকাশবাণীৰ অৱসৰপ্ৰাপ্ত কেন্দ্র সঞ্চালক লুটফুৰ ৰহমান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসমীয়া সংগীতৰ সুস্থ আৰু নান্দনিক মূল্যবোধৰ ধাৰা ৰক্ষাত গুৰুত্ব দি লুটফুৰ ৰহমানে নতুন প্ৰজন্মক শব্দ আৰু সুৰৰ ব্যৱহাৰত সতৰ্ক হ’বলৈ আহ্বান জনায়।

অসম সাহিত্য  সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আদৰণী ভাষণ আগবঢ়োৱা আৰু অসম সাহিত্য সভাৰ সম্পাদক গুৱাহাটী কাৰ্য্যালয়ৰ ডঃ সঞ্জীৱ শৰ্মাই সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভণি কৰে।

অসমৰ সংগীত জগতৰ বৰ্তমানৰ গতি ধাৰাক এক সুসংগত পথ নিৰ্দেশনা দিয়াৰ বাবে প্ৰতি মাহে এনে অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি স্বপ্ননীল বৰুৱাই মত পোষণ কৰে ৷

অনুষ্ঠানত মন্দিৰা শৰ্মা লাহিড়ীয়ে কয়, ‘পূৰ্বে  আছিল সমাজক সংগীতৰ মাজেৰে কিবা এটা দিয়াৰ চিন্তা, কিন্তু এতিয়া একাংশৰ বাবে, দিয়া আৰু লোৱা, তেনে চিন্তাৰহে পয়োভৰ ঘটিছে।”

অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী বিষয়া শ্যামল শইকীয়া, দিলীপ দাস আৰু নাহিদ আফ্ৰিনেও সংগীত পৰিৱেশন কৰে।

আকাশবাণী, গুৱাহাটী কেন্দ্ৰৰ ইন্দ্ৰজিৎ দাসে আঁত ধৰা সংগীতানুষ্ঠানটিত বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা, মৃণালকান্তি মেধী, পাহাৰী দাস, শাৰদী শইকীয়া, মিৰানন্দা বৰঠাকুৰকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।