NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈৰ পৰা অনলাইন যোগে কিনিব পাৰিব ভাৰত-শ্ৰীলংকাৰ টি-২০ৰ টিকট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2019 5:12 pm
Barsapara_Cricket_Stadium_match_under_floodlights-750x375

অহা ৫ জানুৱাৰিত গুৱাহাটীত হ’ব লগীয়া ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ মেচখনৰ টিকট ২৩ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰৰ পৰা দৰ্শকলৈ আগবঢ়োৱা হ’ব।

অসম ক্ৰিকেট সন্থাই জনোৱা অনুসৰি মেচখনৰ টিকট অনলাইনযোগে ‘Book My Show’ত উপলব্ধ হ’ব।

মেচখনৰ বাবে ৪০ হাজাৰ টিকট মুকলি কৰি দিয়া হ’ব বুলিও সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে।

তিনিখনীয়া মেচৰ টি-২০ শৃংখলাটোৰ প্ৰথমখন মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৭বজাৰ পৰা আৰম্ভ হ’ব।

মেচখনত অংশ লোৱাৰ বাবে ভাৰত আৰু শ্ৰীলংকাৰ দল দুটা ২ জানুৱাৰিত গুৱাহাটী আহি পাবহি বুলি জানিব পৰা গৈছে।

অসমৰ ক্ৰিকেটপ্ৰেমীয়ে অধিৰ আগ্ৰহেৰে ৰৈ থকা আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচখনৰ দিনা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী উপস্থিত থকাৰ সম্ভাৱনা আছে।