NORTHEAST NOW (Assamese)
Popular Stories

এচি মিলানৰ ৰাফেল লিওৱে গঢ়িলে অভিলেখ, মাত্ৰ ৬ ছেকেণ্ডতে গ’ল কৰি ৰচিলে ইতিহাস, চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 8:18 am

ইটালীয়ান ফুটবল লীগ চিৰি এৰ দল এচি মিলানৰ ফুটবলাৰ ৰাফেল লিওৱে ৰচিলে ইতিহাস। মাত্ৰ ৬ ছেকেণ্ডতে গ’ল কৰি অনন্য কৃতিত্বৰ অধিকাৰী হয় ৰাফেল।

মেচ আৰম্ভ হোৱাৰ মাত্ৰ ছয় ছেকেণ্ডতে ৰাফেলে গ’ল কৰি বিশ্ববাসীক চমক দেখুৱাবলৈ সক্ষম হয়। ৰাফেলে কৰা এই গ’লটো ইটালীয়ান ফুটবল লীগ চিৰি এৰ দ্ৰুততম গ’ল।

উল্লেখ্য যে পৰ্তুগালৰ ৰাফেল লিওৱে পাঅ’লো পোগীৰ নামত থকা দ্ৰুততম গ’লৰ ৰেকৰ্ডটো ভংগ কৰে। পোগীয়ে ২০০১ চনত পিছেঞ্জাৰ হৈ ফিয়োৰেণ্টিনাৰ বিৰুদ্ধে মাত্ৰ ৮ ছেকেণ্ডত গ’ল কৰি ৰেকৰ্ড গঢ়িছিল।

 

মেচখনত এচি মিলানে চাচ্ছুঅ’লোক ২-১ৰ ব্যৱধানত পৰাস্ত কৰে।

এচি মিলানৰ হৈ দ্বিতীয়টো গ’ল কৰে অলেক্সিছ ছীলমেকাৰ্ছে।

এই জয়ৰ লগে লগে এচি মিলানে চিৰি এৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত অধিষ্ঠিত হয়। তেওঁলোক ইণ্টাৰ মিলানতকৈ ১ পইণ্ট বেছি লাভ কৰি আছে।

মিলানে টুইট কৰি কয় যে ২১ বছৰীয়া লিওৱে মাত্ৰ ৬.২ ছেকেণ্ডত গ’ল কৰিছে।