NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনতে নহয়, বিশ্বৰ আন ৫খন দেশতো বিয়পি পৰিছে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 7:54 am
WhatsApp Image 2020-12-22 at 10.58.26 AM

কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনক লৈ সমগ্ৰ বিশ্বতে আকৌ এবাৰ আতংকময় পৰিস্থিতিৰ আশংকা কৰা হৈছে। ইতিমধ্যে, ভাৰতকে ধৰি ১২খন দেশলৈ ব্ৰিটেইনৰ পৰা আহিবলগীয়া বিমান সেৱা স্থগিত কৰা হৈছে।

বাতৰি অনুসৰি, এতিয়ালৈকে বিশ্বৰ কমেও ৫খন দেশত কৰ’নাৰ নতুন ষ্ট্ৰেন পোৱা গৈছে। তদুপৰি, আন দেশসমূহতো ইয়াক লৈ আশংকা বৃদ্ধি পাইছে।

আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত দাবী কৰা হৈছে যে ব্ৰিটেইনৰ লগতে ডেনমাৰ্ক, নেদাৰলেণ্ডছ, অষ্ট্ৰেলিয়া আৰু ইটালীতো কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন পোৱা গৈছে।

ব্ৰিটেইনৰ এগৰাকী যাত্ৰী ৰোমলৈ অহাৰ পাছত ইটালীতো ভাইৰাছৰ নতুন ষ্ট্ৰেন পোৱা গৈছে। নতুন ভাইৰাছ সম্পৰ্কে ফ্ৰান্সকো সতৰ্ক কৰি দিয়া হৈছে। কৰ’নাৰ নতুন ষ্ট্ৰেন গৈ পোৱাৰ সম্ভাৱনাৰ কথা ফ্ৰান্সে সদৰী কৰিছে।

মিউটেশ্যনৰ জৰিয়তে সৃষ্টি হোৱা নতুন কৰ’না ভাইৰাছক অধিক সংক্ৰামক বুলি কোৱা হৈছে। ব্ৰিটেইনত ব্যাপক হাৰত কৰ’না আক্ৰান্ত বৃদ্ধি পোৱাৰ কাৰণো এই নতুন ষ্ট্ৰেন বুলি কোৱা হৈছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন ৭৯শতাংশ সংক্ৰামক। নৱেম্বৰ মাহতেই ডেনমাৰ্কত ৯টা আৰু অষ্ট্ৰেলিয়াত এটা কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনৰ সন্ধান পোৱা গৈছিল।

নেদাৰলেণ্ডছতো চলিত মাহত কৰ’না ভাইৰাছৰ এটা নতুন ষ্ট্ৰেন পুনৰ পোৱা গৈছে। বেলজিয়ামত সেয়া কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন হয়নে নহয় সেইটো নিশ্চিত কৰিব পৰা নাই।

বাতৰি অনুসৰি, সম্প্ৰতি ব্ৰিটেইনৰ লণ্ডনত কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন দ্ৰুতভাৱে বিয়পি পৰিছে। ইয়াৰ বাবেই তাত সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আনহাতে, উত্তৰ আয়াৰলেণ্ডতো কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন গৈ পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।