NORTHEAST NOW (Assamese)
Popular Stories

এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্তৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2025 6:55 pm

এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে চলি প্ৰতিবাদ আছে। বিগত কেইবাদিন ধৰি এপেক্স বেংকৰ দুৰ্নীতিৰ লৈ ৰাজ্যজুৰি চৰ্চা হৈ থকাৰ মাজতেই আজি ইয়াৰ তদন্তৰ দাবীত ৰাজপথলৈ ওলাই আহিল প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী । গুৱাহাটী মহানগৰীৰ পাণবজাৰত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদ জনাই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

প্ৰতিবাদকাৰীসকলে বিজেপি হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি লেই লেই চেই চেই, এপেক্স বেংক কেলেংকাৰীৰ তদন্ত লাগে, এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনক নিলম্বন কৰক আদি শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় । প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি চচললৈ লৈ যায়।

এই সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, “এপেক্স বেংক অসমীয়াৰ সম্পদ। এপেক্স বেংক কেলেংকাৰীত বিজেপি নেতা-পালিনেতা জড়িত হৈ আছে  বিজেপি দলে অসমৰ সম্পদ লুটি পুটি খাইছে, আমি বহি নাথাকোঁ। এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত হ’ব লাগিব । বিজেপিৰ নেতা জড়িত থকা বুলি নকৰিলে নহ’ব । এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত এগৰাকী ন্যায়াধীশৰ জৰিয়তে কৰিবলৈ দাবী জনাইছোঁ। যেতিয়ালৈ কেলেংকাৰীৰ তদন্ত নহ’ব তেতিয়ালৈ আমাৰ সংগ্ৰাম অব্যাহত থাকিব ।”

প্ৰতিবাদত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, “এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত হ’বই লাগিব । বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে পদত্যাগ কৰিব লাগে । কেলেংকাৰীৰ তদন্ত নোহোৱালৈ আমাৰ প্ৰতিবাদ অব্যাহত থাকিব । হিমন্ত বিশ্ব শৰ্মাই আমাৰ মুখ বন্ধ কৰিব নোৱাৰিব ।”