NORTHEAST NOW (Assamese)

গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাঁৰিৰে আজি বৰপেটা গ্ৰন্থ উৎসৱৰ সামৰণি পৰিল

January 11, 2018 8:24 pm · এন ই নাও নিউজ

গ্ৰন্থপ্ৰেমীৰ ব্যাপক উছাহ-উদ্দীপনাৰে আজি অন্তিম দিনাও জীপাল হৈ পৰিল বৰপেটা গ্ৰন্থ উৎসৱ স্থলী।  বৰপেটা বিদ্যাপীঠৰ অম্বিকাগিৰী ক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থ উৎসৱৰ আজি সামৰণিৰ দিনা গ্ৰন্থপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা যায়।

আজি অন্যান্য কাৰ্যসূচীৰ লগতে পুৱা দহ বজাত ভেশছন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি প্ৰায় চাৰি বজাৰ পৰা আৰম্ভ হয় মুকলি সভা, বঁটা বিতৰণী আৰু সম্বৰ্দ্ধনা অনুষ্ঠান।

বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ‘সাদিন’ কাকতৰ সম্পাদক তথা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে। অনুষ্ঠানত স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে।

এই  কাৰ্যসূচীৰ লগত সংগতি ৰাখি লেখক হিতেশ শৰ্মাৰ ‘ব’হাগৰ অন্য নাম প্ৰেম’ শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট অভিনেতা নিৰ্মল দাসে।

উল্লেখ্য যে, কালি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত কবি-সাংবাদিক অনুপম অনিৰুদ্ধৰ ‘বিষণ্ণতাৰ বৰষুণ’ শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰা হৈছিল। আয়োজক সমিতিয়ে জনোৱা মতে, গ্ৰন্থ উৎসৱ স্থলীত স্থাপন কৰা প্ৰায় ৭০ খন গ্ৰন্থ বিপণীত প্ৰচণ্ড শীতৰ মাজতো কেবা লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হয়।

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ পিচতে ‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ উদ্যোগত আয়োজিত দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱ ২০১৮ৰ সফল সামৰণি পৰে।

Related News