NORTHEAST NOW (Assamese)
অসম

গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু বেংকৰ শাখা প্ৰবন্ধকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ December 14, 2017 6:30 pm

ৰাজ্য চৰকাৰে চলাই অহা দুৰ্নীতি বিৰোধী অভিযানে আজি এক উল্লেখযোগ্য সফলতা অৰ্জন কৰে। প্ৰাপ্ত তথ্য মতে মুখ্য মন্ত্ৰী তদাৰকী কোষে আজি গুৱাহাটীত গড়কাপ্টানি বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা বিশ্বনাথ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰে। মন কৰিব লগীয়া যে বিশ্বনাথ ভট্টাচাৰ্যৰ কাৰ্যকালত ডিব্ৰুগড় জিলাৰ পথ-সংমণ্ডলৰ টেঙাখাট উপ-মণ্ডলত ভুৱা বিল আৰু প্ৰস্তাৱ দাখিলৰ জৰিয়তে ৬০ লাখ টকা সৰকাই নিয়াৰ ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনা সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া এক নিৰ্দেশৰ ভিত্তিতে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলোৱা হৈছিল। যাৰ ভিত্তিত ইতিমধ্যে কাৰ্যবাহী অভিযন্তা, অভিযন্তা, কনিষ্ঠ অভিযন্তা, ঠিকাদাৰকে ধৰি মুঠ ৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। আনহাতে উক্ত ঘটনা সন্দৰ্ভত প্ৰাক্তন মুখ্য অভিযন্তা গৰাকী জড়িত থকাৰ প্ৰমাণৰ ভিত্তিত মুখ্য মন্ত্ৰী তদাৰকী কোষে আজি তেওঁক গুৱাহায়টীত গ্ৰেপ্তাৰ কৰে।
ইয়াৰ উপৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ জালিয়াতি কৰি ১.৩৯ কোটি টকা আত্মসাৎ কৰাৰ অপৰাধত বি আই অ’ গোচৰৰ আধাৰত আজি বেংক অব বৰোদাৰ হাইলাকন্দিস্থিত শাখা প্ৰবন্ধক গৌতম কুমাৰ দাসক মুখ্য মন্ত্ৰী তদাৰকী কোষে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। মন কৰিব লগীয়া যে ২০১১ চনৰ পৰা ২০১৫ চনৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ডৰ এই জালিয়াতিৰ ঘটনা সংঘটিত হৈছিল।