NORTHEAST NOW (Assamese)
অসম

গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ ছটফটাই থকা হাতীটোৰ অপাৰেইশ্যন সম্পন্ন

Posted by: এন ই নাও নিউজ May 27, 2018 10:35 pm
Injured_Elephant

গুৱাহাটী মহানগৰীৰ দাঁতিতে লাগি থকা লখৰাৰ কাকতীপাৰাৰ পৰা অলপ দূৰত থকা গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত ছটফটাই থকা হাতীটোক আজি বন বিভাগৰ চিকিৎসকৰ এটা দলে গৈ ট্ৰেংকুলাইজড কৰি চিকিৎসা কৰে। এই চিকিৎসাৰ ফলত হাতীটোৰ জীৱন ৰক্ষা পৰাৰ আশা দেখিছে দলটোৱে।

আজি নৰ্থ-ইষ্ট নাওৰ আগত দলটোৰ এজন সদস্যই কয় যে হাতীটোক এই কেইদিন দূৰৰ পৰাই ৰিম’ট পদ্ধতিৰে বেজী-ঔষধ আদি নিয়মীয়াকৈ দি থকা হৈছিল যদিও আজি তাৰ ঘা-টুকুৰা কাটি পৰিষ্কাৰ কৰা হয়। তাৰ বাবে হাতীটোক চেতনানাশক ঔষধ দি লোৱা হৈছিল।

Injured_Elephant_2
গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ থকা হাতীটো।

চিকিৎসকৰ দলটোত আছিল পশুচিকিৎসক ডাঃ কুশল শৰ্মা, ডাঃ অৰিন্দম পাচনী আৰু দক্ষিণ গুৱাহাটীৰ ৰেঞ্জ অফিচাৰ বিনোদ পায়েঙৰ লগতে ৱাইল্ড লাইফ ৱাৰ্ডেন কৌশিক বৰুৱা।

বন বিভাগৰ সূত্ৰটোৱে কয় যে হাতীটো পালৰ দলপতি দঁতাল হাতীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল। দঁতাল হাতীৰ খোঁচত তাৰ আগফালৰ সোঁভৰিত প্ৰকাণ্ড ঘা হৈ সেইডোখৰ পকি যোৱাত বিগত প্ৰায় পাঁচ-ছদিন ধৰি যন্ত্ৰণাত ছটফটাই আছিল। এই সময়ছোৱাত বন বিভাগৰ লগতে স্থানীয় লোকেও খাদ্য আৰু শুশ্ৰূষা আগ বঢ়াই জীয়াই ৰাখিছে।