NORTHEAST NOW (Assamese)

চন্দ্ৰমোহনে মিছা মাতিছে ,মই হিন্দু শৰণাৰ্থীক কেতিয়াও সমৰ্থন কৰা নাই : গগৈ

May 12, 2018 1:37 pm · এন ই নাও নিউজ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ : ফাইল ফটো

চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মেল পাতি কংগ্ৰেছ চৰকাৰে হিন্দু বাংলাদেশীৰ সপক্ষে কেবিনেট সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰাৰ লগতে তৰুণ গগৈয়ে তদানীত্বন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ পত্ৰ প্ৰেৰণ কৰা বুলি অভিযোগ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

তিতাবৰত আজি তৰুণ গগৈয়ে এই সন্দৰ্ভত কয় যে  চন্দ্রমোহনে মিছা মাতিছে, মই হিন্দু শৰণার্থীক কেতিয়াও সমৰ্থন কৰা নাছিলো। যদি প্রমাণ আছে ৰাজহুৱা কৰক অন্যথা চন্দ্রমোহন পাটোৱাৰীয়ে পদত্যাগ কৰক। তেওঁ যদি প্রমাণ কৰিব পাৰে মই নিজেও পদত্যাগ কৰিম।

‘মই চেলেঞ্জ কৰিছো চন্দ্রমোহন পাটোৱাৰীক,’-  ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এইদৰেই চন্দ্রমোহন পাটোৱাৰীৰ বিৰুদ্ধে এক সংবাদমেল যোগে আজি উভতি ধৰে। উল্লেখযোগ্য যে শুকুৰবাৰে চন্দ্রমোহন পাটোৱাৰীয়ে তৰুণ গগৈক আক্রমণৰ লক্ষ্য কৰি কৈছিল যে ২০১৪ বর্ষৰ ১৬ জুলাইত তৰুণ গগৈৰ কেবিনেটত হিন্দু শৰণার্থীক আশ্রয় প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।

আজি তাৰেই প্রতিক্রিয়া প্রকাশ কৰি তিতাবৰত তৰুণ গগৈয়ে চন্দ্ৰমোহনক মিছলীয়া বুলি অভিহিত কৰে। সংবাদমেলত গগৈয়ে লগতে প্রৰোচনামূলক বক্তব্যৰ বাবেহে অর্ধেন্দু দে’ক শ্বক’জ দিয়া হৈছে বুলি মন্তব্য কৰে।

অৰ্ধেন্দু দে’ৰ সম্পৰ্কত গগৈয়ে কয় যে কোনোবাই নিজা মন্তব্য দিব পাৰে কিন্তু দলৰ কোনোবাই প্রৰোচনামূলক মন্তব্য দিলে আমি শ্বক’জ কৰিমেই। যিসকলে অর্ধেন্দু দে’ক সমর্থন কৰিছে তেওঁলোকে গোটেই কথাটোৱেই ভুলকৈ ভাবিছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, গগৈয়ে এন আৰ চিৰ সম্পর্কত ৰাজেন গোহাঁইয়ে কৰা বিতর্কিত মন্তব্য সম্পর্কত  কয় যে ৰাজেন গোহাঁইয়ে এন আৰ চিৰ বিৰোধিতা কৰিবই। তেওঁৰ  হিন্দু শৰণার্থীৰ বিধেয়কৰ ওপৰতহে আস্থা আছে। তেওঁ এন আৰ চিৰ ওপৰত সন্দেহ কৰাটো স্বাভাৱিক।

Related News