NORTHEAST NOW (Assamese)
ক্ৰীড়া

চমকপ্ৰদ প্ৰত্যাৱৰ্তন ঘটোৱা দীপা কৰ্মকাৰৰ প্ৰদৰ্শনত উৎফুল্লিত পিতৃ-মাতৃ

Posted by: পিনাকী দাস July 9, 2018 9:42 am
vlcsnap-2018-07-09-00h24m02s169

আঘাতৰ বাবে প্ৰায় দুবছৰ ধৰি খেলৰ জগতৰ পৰা আঁতৰি থকা দেশৰ তাৰকা জিমনাষ্ট দীপা কৰ্মকাৰে চমৎকাৰ প্ৰত্যাৱৰ্তনেৰে তুৰ্কিত অনুষ্ঠিত জিমনাষ্টিকছৰ বিশ্ব চেলেঞ্জ কাপত সোণৰ পদক অৰ্জন কৰিছে। ‘FIG Artistic Gymnastics World Challenge Cup’ত ৮ জুলাইত স্বৰ্ণ জয়ী হোৱা খবৰ পোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে দীপা কৰ্মকাৰৰ শুভাকাংক্ষী তথা মাক-দেউতাক।

চমকপ্ৰদ প্ৰদৰ্শণেৰে বিশ্ববাসীক আচম্বিত কৰি চতুৰ্থ স্থানেৰে ২০১৬ চনৰ ৰিঅ’ অলিম্পিক সামৰাৰ পাছতে ত্ৰিপুৰাৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু খেলৰ জগতৰ পৰা আঁতৰি আছিল।

কিন্তু দুবছৰৰ মূৰত প্ৰত্যাৱৰ্তন ঘটাই দেওবাৰে ১৪.১৫০ স্ক’ৰেৰে সোণৰ পদক দখল কৰে। বিশ্ব প্ৰতিযোগিতাখনত দীপাৰ এইটো প্ৰথম পদক।

জীয়ৰীৰ এই সাফল্যত আনন্দত আত্মহাৰা পিতৃয়ে কয়, ‘দীপাৰ প্ৰথম প্ৰশিক্ষক চোমা নন্দীয়ে প্ৰথমে আমাক এই সুখবৰটো দিয়ে। নন্দীয়ে আমালৈ ফোন কৰি প্ৰতিযোগিতাখনৰ ভল্ট শাখাত দীপাই সোণৰ পদক অৰ্জন কৰা বুলি কোৱাৰ পাছতে বহুত সুখী অনুভৱ কৰো। ৰিঅ’ অলিম্পিকৰ পাছৰে পৰা আঘাতৰ বাবে জিমনাষ্টিকছৰ পৰা আঁতৰি থকা দীপাই এই প্ৰতিযোগিতাখনত অংশ লৈয়ে পদক অৰ্জন কৰাত আমি অতি গৌৰৱান্বিত’।

আনহাতে দীপাৰ মাতৃয়ে কয় যে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত জিমনাষ্টিকছ জগতলৈ ঘূৰি আহিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দীপাই সোণৰ পদক লাভ কৰাত আজি মই বহুত সুখী।

উল্লেখ্য যে আঘাতৰ বাবে সুদীৰ্ঘ দুবছৰ জিমনাষ্টিকছ জগতৰ পৰা আঁতৰি থকা দীপা কৰ্মকাৰ সন্দৰ্ভত বহুতেই ধাৰণা কৰিছিল যে তেওঁ আৰু জিমনাষ্টিকছত পূৰ্বৰ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰে। তাৰোপৰি বহুতেই দীপা কৰ্মকাৰৰ জিমনাষ্ট কেৰিয়াৰ ইমানতে সমাপ্ত বুলিও মন্তব্য কৰা দেখা গৈছিল। কিন্তু প্ৰচুৰ আত্মবিশ্বাসী দীপাই দুবছৰৰ মূৰত প্ৰত্যাৱৰ্তন কৰিয়েই স্বৰ্ণ জয়ৰে প্ৰমাণ কৰি দিলে যে তেওঁ বিশ্ব জয়ৰ বাবে সাজু।

ইফালে আগন্তুক জাকাৰ্টা এছিয়ান গে’ইমছলৈ যাব লগা ১০ জনীয়া ভাৰতীয় দলত স্থান লাভ কৰা জিমনাষ্ট দীপা যথেষ্ট আত্মবিশ্বাসী মনোভাৱ লৈ প্ৰতিযোগিতাখনলৈ যাব বুলি জানিব পৰা গৈছে।