NORTHEAST NOW (Assamese)
অসম

চলিত বৰ্ষৰ জানুৱাৰিত ভাৰতৰ চাহ উৎপাদন ১০ শতাংশ হ্ৰাস

Posted by: এন ই নাও নিউজ March 9, 2018 2:32 pm
Plucking_tea_in_a_tea_ga

ভাৰতীয় চাহ ব’ৰ্ডে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰিত ভাৰতৰ চাহ উৎপাদন প্ৰায় ১০ শতাংশ হ্ৰাস পাইছে।

চাহ ব’ৰ্ডৰ তথ্য মতে চলিত বৰ্ষৰ জানুৱাৰিত চাহ উৎপাদন ১৭.১৫ মিলিয়ন কেজি হোৱাৰ বিপৰীতে বিগত বৰ্ষত একেটা মাহত এই পৰিমাণ আছিল প্ৰায় ১৯.১৬ মিলিয়ন কেজি। অৰ্থাৎ মুঠ উৎপাদন ১০.৪৯ শতাংশ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে চাহ ব’ৰ্ডৰ পৰিসংখ্যা অনুসৰি উক্ত মাহত অসম, পশ্চিমবংগ আৰু অন্যান্য কেইবাখনো ৰাজ্যৰ মুঠ চাহ উৎপাদন প্ৰায় ২০.৪৯ শতাংশ হ্ৰাস পাইছে।

তদুপৰি দক্ষিণ ভাৰতৰ ৰাজ্য বিশেষকৈ তামিলনাডু, কেৰালা, কৰ্নাটক আৰু আন কেইবাখনো ৰাজ্যত চাহ উৎপাদনৰ পৰিমাণ প্ৰায় ৫.৮৭ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

স্বাভাৱিকতে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনত চলিত বৰ্ষৰ জানুৱাৰিত চাহ উৎপাদন লক্ষণীয়ভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিততে সৰ্বভাৰতীয় স্তৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে।

ভৰতীয় চাহ ব’ৰ্ডে শেহতীয়াভাৱে অনুষ্ঠিত কৰা এক পৰ্যৱেক্ষণ বৈঠকৰ অন্তত এই তথ্য প্ৰকাশ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতীয় চাহৰ এখন বৃহৎ বজাৰ থকাৰ সময়তে উৎপাদন নিম্নমুখী হোৱাটো যথেষ্ট উদ্বেকজনক। এই সমস্যা সমূহ সমাধানৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে উদ্যোগটোৰ লগত জড়িত বিভিন্ন সংস্থাই।