NORTHEAST NOW (Assamese)
অসম

বাথিন্দাত ৪ সহকৰ্মীক হত্যা কৰা ‘সাক্ষী’ সেনা জোৱানক গ্ৰেপ্তাৰ; পোহৰলৈ ‘প্ৰতিশোধ’ৰ কাৰণ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 18, 2023 8:26 am

কিছুদিন পূৰ্বে পঞ্জাৱৰ বাথিন্দাত সেনা শিবিৰত শুই থকা অৱস্থাত চাৰিজন সেনা জোৱানক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই ঘটনাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাজত কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছিল। সেই ঘটনাৰ একমাত্ৰ সাক্ষী আছিল মোহন দেশাই নামৰ এজন সেনা জোৱান। সেই জোৱানজনক চাৰিজন জোৱানক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

সোমবাৰে পঞ্জাৱ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ সংবাদমেলযোগে ঘটনাৰ সবিশেষ দাঙি ধৰে। সংবাদমেলত এই মোহন দেশাইয়ে যোৱা ১২ এপ্ৰিলত সেনাৰ ইনছাছ ৰাইফলেৰে নিজৰ চাৰিজন সহকৰ্মীক হত্যা কৰা বুলি কোৱা হৈছে।

লগতে পঢ়ক: IPL-2023: চিন্নাস্বামীত স্নায়ুযুঁজত বিজয়ী কেপ্টেইন কুল ধোনীৰ চেন্নাই; তীব্ৰ যুঁজ দিও হাৰিল কোহলীৰ দল বাংগালুৰু

ব্যক্তিগত শত্ৰুতাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, মোহনে দাবী কৰিছিল যে মৃত সেনা জোৱান চাৰিজনে তেওঁক নিৰ্যাতন চলাইছিল।

ইফালে বাথিন্দাৰ এছ এছ পি গুলনীত খুৰাণাই কয়, ‘অবিৰত জেৰাৰ অন্তত আমি গম পাইছো যে এটা অস্ত্ৰ চুৰি হৈছে আৰু ইয়াৰ সহায়তে জোৱানকেইজনক হত্যা কৰা হৈছে। পিছত আৰ্টিলাৰী ইউনিটৰ এজন লোকক আটক কৰা হয় আৰু জেৰাৰ সময়ত তেওঁ আৰক্ষীৰ আগত ইনছাছ ৰাইফল চুৰি আৰু চাৰিজন সহকৰ্মীক হত্যা কৰাৰ সৈতে জড়িত বুলি স্বীকাৰ কৰে।’

ইফালে দক্ষিণ পশ্চিম কমাণ্ডে জাৰি কৰা এক সুকীয়া বিবৃতিত কোৱা হৈছে, ‘মোহন দেশাইয়ে আৰক্ষীৰ জেৰাৰ সময়ত স্বীকাৰ কৰে যে তেওঁ যোৱা ৯ এপ্ৰিলত এটা ৰাইফল আৰু মেগজিন চুৰি কৰি লুকুৱাই ৰাখিছিল। তাৰ পিছত ১২ এপ্ৰিলত মোহনে লুকাই ৰখা বন্দুকটোৰে চেন্ট্ৰি ডিউটিৰ সময়ত শিবিৰত শুই থকা অৱস্থাত চাৰিজন সেনা জোৱানক হত্যা কৰে।‘

লগতে পঢ়ক: কনিষ্ঠ ভাতৃক উদ্ধাৰ কৰিবলৈ ব্ৰহ্মপুত্ৰত জাঁপ দিছিল জ্যেষ্ঠ ভাতৃয়ে, ব্ৰহ্মপুত্ৰই উটুৱাই নিলে দুয়োকে

সেনাৰ বিবৃতিত আৰু জানিব পৰা মতে, হত্যাকাণ্ডৰ পিছত মোহনে অস্ত্ৰটো নলাত পেলাই দিয়ে। সেই নলাৰ পৰাই হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আৰু বাকী কাৰ্টিজ উদ্ধাৰ কৰা হয়। সেনাৰ বিবৃতিটোত লগতে কোৱা হৈছে যে ভাৰতীয় সেনাৰ এনে অনুশাসনহীন কাৰ্যৰ প্ৰতি শূন্য সহনশীলতা আছে আৰু দোষীক আইন অনুসৰি শাস্তি দিয়াটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

উল্লেখ্য যে পূৰ্বে মোহনে আৰক্ষীৰ জেৰাত দাবী কৰিছিল যে তেওঁ বগা কাপোৰ পিন্ধা দুজন লোকক অস্ত্ৰ লৈ শিবিৰত প্ৰৱেশ কৰা দেখিছিল। এজনৰ হাতত ইনছাছ ৰাইফল আৰু আনজনৰ হাতত আছিল চোকা অস্ত্ৰ। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ লগত মোহনৰ বক্তব্যৰ মিল নাছিল। ইয়াৰ পিছতে আৰক্ষী সন্দেহ উপজিল। মোহনক আৰু অধিক জেৰা কৰি আচল সত্যটো লাহে লাহে পোহৰলৈ আহে।

লগতে পঢ়ক: শিশুৰ জ্বৰৰ বিষয়ে কেইটামান জানিবলগীয়া কথা

জানিব পৰা মতে, এই চাৰিজন সেনা জোৱানে মোহনক অহৰহ হাৰাশাস্তি কৰি আহিছিল। অৱশ্যে মোহনক কেনেধৰণৰ হাৰাশাস্তি কৰা হৈছিল সেই সন্দৰ্ভত সেনাই আনুষ্ঠানিকভাৱে একো ক’ব বিচৰা নাই।