NORTHEAST NOW (Assamese)
অসম

উত্তৰাখণ্ডৰ কাৰাগাৰত মহিলাসহ ৪৪জন কাৰাবন্দী এইচ আই ভি আক্ৰান্ত

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 10, 2023 7:20 pm

উত্তৰাখণ্ডৰ হালদাওনী কাৰাগাৰত এগৰাকী মহিলাকে ধৰি ৪৪ জন কাৰাবন্দী এইচ আই ভিত আক্ৰান্ত হৈছে। সূত্ৰসমূহে এই খবৰ সদৰী কৰিছে। বাতৰি অনুসৰি তেওঁলোকক স্থানীয় সুশীলা তিৱাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

কাৰাগাৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ২৩ জন লোকৰ দেহত এইচ আই ভি ধৰা পৰিছিল। তাৰ পিছত মাৰ্চত আৰু ১৭ জন আক্ৰান্ত হয়।

লগতে পঢ়ক: ‘আমাৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰে’-চীনক লক্ষ্য কৰি অৰুণাচলত অমিত শ্বাহৰ হুংকাৰ

হালদাওনী কাৰাগাৰৰ অধীক্ষক প্ৰমোদ পাণ্ডেই কয়, ‘’কয়দীসকলৰ মাজত কেতিয়া আৰু কেনেদৰে ভাইৰাছ বিয়পি পৰিল আমি নিশ্চিত নহয়।‘’

চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, এইচ আই ভিত আক্ৰান্ত বহু কয়দী ড্ৰাগছ আসক্ত আছিল।

এইচ আই ভি ৰোগীৰ বাবে কাৰাগাৰ হাস্পতালখনতে এটা এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী চেণ্টাৰ স্থাপন কৰা হৈছে।

লগতে পঢ়ক: পুনৰ বিমানত অসভ্য ভদ্ৰলোক! লণ্ডনলৈ উৰা মাৰিও বিমান উভতিল দিল্লীলৈ; কি ঘটিছিল?

ইপিনে, সুস্থ কাৰাবন্দীসকলৰ পৰিয়ালে ইতিমধ্যে সুকীয়া কাৰাগাৰৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে।