NORTHEAST NOW (Assamese)
Popular Stories

IPL-2023: চিন্নাস্বামীত স্নায়ুযুঁজত বিজয়ী কেপ্টেইন কুল ধোনীৰ চেন্নাই; তীব্ৰ যুঁজ দিও হাৰিল কোহলীৰ দল বাংগালুৰু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2023 7:37 am

দুয়োটা দলেই দেখুৱালে খেল। চিন্নাস্বামীত দৰ্শকে আগেয়ে বুজি পাইছিল যে চেন্নাই বনাম বাংগালুৰুৰ খেলখনৰ উত্তেজনাই বুকুৰ ধপধপনি বঢ়াব। এটাই আনটোৰ ওপৰত শীৰ্ষস্থান দখল কৰাৰ অদম্য যুঁজৰ সাক্ষী হৈ ৰ’ল ক্ৰিকেটপ্ৰেমীসকল।

মহেন্দ্ৰ সিং ধোনীয়ে প্ৰখৰ মগজু আৰু শক্তিশালী পেশীৰ পৰাক্ৰম দেখুৱাব নে দ্ৰুত ছন্দত থকা বিৰাট কোহলীয়ে ঘৰুৱা অনুৰাগীক আকৌ এবাৰ আচৰিত কৰিব? এই প্ৰশ্নৰ উত্তৰ পাবলৈ সকলো ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিৱদ্ধ হৈছিল চিন্নাস্বামীত।

ফটো সৌজন্য: আইপিএল।

কিন্তু কেপ্তেইন কুলে বলিং চেঞ্জৰ পৰা ফিল্ডিং সজোৱালৈকে ​​নিজকে আকৌ এবাৰ শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি ফেফ ডু প্লেছিছৰ পৰা বিজয় কাঢ়ি আনিলে।

আঘাতৰ বাবে সোমবাৰে তেওঁ খেলাক লৈও সংশয়ৰ সৃষ্টি হৈছিল। অৱশ্যে সমৰ্থকসকলক আশ্ব স্ত কৰি খেলপথাৰলৈ নামি আহিছিল। ধোনীয়ে বেট (১*) লৈ বিশেষ একো কৰাৰ প্ৰয়োজন নাছিল। কিন্তু তেওঁৱেই উইকেটৰ পিছফালে নেতৃত্ব দিয়াৰ লগতে দুটা দ্ৰুত কেচ কৰায়ত্ত কৰি আৰচিবিক চাপত পেলাইছিল।

ফটো সৌজন্য: আইপিএল।

চেন্নাই ছুপাৰ কিংছৰ অন্যতম নিৰ্ভৰযোগ্য বেটছমেন ঋতুৰাজ গাইকোৱাড ৩ ৰানত আউট হয়। কিন্তু ডিভন কনৱেই আৰচিবিৰ বলাৰৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে। তেওঁ ৪৫টা বলত ৮৩ ৰান সংগ্ৰহ কৰি বিস্ফোৰক ইনিংছ খেলিছিল।

ফটো সৌজন্য: আইপিএল।

নিউজিলেণ্ডৰ বেটছমেনগৰাকী ঘূৰি অহাৰ সময়ত অজিংক ৰাহানে (৩৭) আৰু শিৱম ডুবেই (৫২) চেন্নাইক বৃহৎ স্ক’ৰ দিয়ে। ২২৭ ৰানৰ পাহাৰ সন্মুখত ৰাখি যিকোনো দলৰ বাবে মনোবল বজাই ৰখাটো কঠিন। কিন্তু ৰান ৰেট ধৰি ৰাখি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে মেচৰ লেকাম নিজৰ ফালে ৰাখিছিল।

ফটো সৌজন্য: আইপিএল।

সোমবাৰৰ দিনটোত বিৰাট (৬) বিফল হয়। কিন্তু অধিনায়ক ডু প্লেছিছ আৰু মেক্সৱেলৰ আক্ৰমণাত্মক ইনিংছে খেলখনত উত্তেজনা কঢ়িয়াই আনে। ক্ৰীজত মেক্সৱেলৰ আউট হোৱাটোৱেই হৈ পৰিল মেচখনৰ টাৰ্নিং পইণ্ট।

ফটো সৌজন্য: আইপিএল।

ইয়াৰ পিছত দীনেশ কাৰ্তিকে (২৮) অলপ চেষ্টা কৰিলেও ৰক্ষা কৰিব নোৱাৰিলে। চাৰিবাৰৰ চেম্পিয়ন দলটোৱে ৮ ৰাণেৰে মেচখন বিজয় সাৱ্যস্ত কৰে।

২০১১ চনত আৰচিবিক পৰাস্ত কৰি ধোনীয়ে ফাইনেলত জয়লাভ কৰিছিল। আৰু এই পৰাজয়ৰ লগে লগে কোহলীৰ দলটোৰ বাবে প্লে অফৰ দৌৰ অলপ কঠিন হৈ পৰিল।

ফটো সৌজন্য: আইপিএল।

সংক্ষিপ্ত স্ক’ৰ:

চেন্নাই ছুপাৰ কিংছ: ২২৬/৬ (কনৱে-৮৩, ডুবে-৫২)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু: ২১৮/৮ (ডু প্লেছিছ-৬২, মেক্সৱেল-৭৬, দেশপাণ্ডে-৪৫/৩)

চেন্নাই ছুপাৰ কিংছে ৮ ৰানত জয়লাভ কৰে।