NORTHEAST NOW (Assamese)
Popular Stories

চাওক ভিডিঅ’! ওদালগুৰিৰ টংলাত চৰকাৰী বিষয়াই ঘোচ লৈ থকাৰ দৃশ্য; নিলম্বিত লাট মণ্ডল

Posted by: চাজিদ খান July 3, 2018 10:28 pm

দুৰ্নীতিৰ বিৰুদ্ধে সোণোৱাল চৰকাৰে শূন্য সহনশীলতা নীতি দোহাৰি থকাৰ বিপৰীতে ওদালগুৰি জিলাৰ টংলাৰ হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত দেখা গৈছে অন্য ছবি।

ঘোচ লোৱাৰ অভিযোগত ২ জুলাইত বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগে হৰিশিঙা ৰাজহ চক্ৰৰ ৰাজহ বিষয়া (লাট মণ্ডল) নুমল দৈমাৰীক বৰ্খাস্ত কৰে।

স্থানীয় লোকে লাট মণ্ডলজনে ঘোচ নহ’লে একো কাম নকৰে বুলি দীৰ্ঘদিন ধৰি কৰি অহা অভিযোগ সঁচা প্ৰমাণ কৰি মণ্ডলগৰাকীয়ে ঘোচ লোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

অভিযুক্ত মণ্ডলজনেও ইতিমধ্যে ঘোচ লোৱা বুলি স্বীকাৰ কৰিছে। আনহাতে চক্ৰ বিষয়ায়ো এই ধনৰ ভাগ পাই বুলি লাট মণ্ডলজনে লগতে স্বীকাৰ কৰিছে।

অভিযোগমতে নুমল দৈমাৰীয়ে এজন লোকৰ পৰা মাটিৰ পঞ্জীয়নৰ বাবদ ১০ হাজাৰ টকাৰ ঘোচ লৈছিল।

আনহাতে ভিডিঅ’টোত স্পষ্টকৈ শুনা গৈছে যে মণ্ডলজনে পূৰ্বেও ১০ হাজাৰ টকাৰ ঘোচ লৈছিল।