NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বিশেষভাৱে সক্ষম ব্যক্তি সকলক ক’ভিড প্ৰতিষেধক প্ৰদান

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 4, 2021 6:25 am
Vaccination of phyisically disable

শিৱসাগৰ জিলা প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে জিলাখনত ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে।

১৮ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিসকলক প্ৰতিষেধক প্ৰদানৰ সমান্তৰালকৈ জিলাখনৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুকলমে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বাবে সুকীয়াকৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে।

শিৱসাগৰ (নগৰ) সংহত শিশু বিকাশ সেৱা আঁচনিৰ অধীনস্থ শিশু বিকাশ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত শনিবাৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰতিষেধক প্ৰদান কৰা হয়।

প্ৰয়োজনীয় ক’ভিড-১৯ ৰোগৰ পৰীক্ষণ সম্পন্ন কৰি কেন্দ্ৰটিত ১৫০ পালি ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হয়।

শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰটি পৰিদৰ্শন কৰে।

তেওঁ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ সৈতে জড়িত স্বাস্থ্য কৰ্মী, সহায়ক, কাৰিকৰী ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ্থে কেন্দ্ৰটিত প্ৰদান কৰা সা-সুবিধাৰ বিষয়ে বুজ লয়।

উল্লেখযোগ্য যে, এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰটিত প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ স্বেচ্ছাসেৱী সকলৰ সহায়ত মাস্ক আৰু চাবোন বিতৰণ কৰা হয়।