NORTHEAST NOW (Assamese)
অসম

চাকৰিৰ পৰা নিলম্বন দেৱাশিস খাৰঘৰীয়াক : অ’ এন জি চিত ড্ৰাইভাৰৰ চাকৰি কৰিছিল দেৱাশিসে

Posted by: এন ই নাও নিউজ July 20, 2018 9:21 pm
Debashis

অৱহেলা আৰু অপমান কৰি মাক-দেউতাকক অস্বাভাৱিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেৱাশিস খাৰঘৰীয়াক তেওঁ চাকৰি কৰা প্ৰতিষ্ঠান অ’ এন জি চিয়ে ১৯ জুলাইত নিলম্বন কৰিছে।

১ জুলাইৰ পৰাই আত্মগোপন কৰি থকা দেৱাশিসক ১৯ জুলাইত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰ আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে অ’ এন জি চি কৰ্তৃপক্ষই তেওঁক নিলম্বন কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে মাক-দেউতাক ক্ৰমে ৰুবী খাৰঘৰীয়া আৰু ৰজনী খাৰঘৰীয়াৰ  মৃত্যুৰ পিছৰ পৰাই আত্মগোপন কৰিছিল দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰাই।

মাক-দেউতাকৰ মৃত্যুৰ বাবে জগৰীয়া কৰি দেৱাশিসৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এটা গোচৰ দিছিল সৰু বায়েক মণিকা গগৈয়ে।

আনহাতে আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই অ’ এন জি চি কৰ্তৃপক্ষৰ পৰা অনলাইনযোগে ছুটীৰ আৱেদন কৰিছিল। কিন্তু ছুটী দিয়াৰ পৰিৱৰ্তে তেওঁক কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল অ’ এন জি চি কৰ্তৃপক্ষই। জানিব পৰামতে, দেৱাশিসে Driver cum operator হিচাপে ২০১৬ চনত অ’ এন জি চি (অসম সম্পদ)ত যোগাদান কৰিছিল।

আৰক্ষীয়ে আজি শিৱসাগৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক ৩ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। আনহাতে দেৱাশিসৰ পত্নী গীতাশ্ৰী দুৱৰাক আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। গীতাশ্ৰী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী।