NORTHEAST NOW (Assamese)
অসম

চাপানলাত বনৰীয়া হাতীৰ তাণ্ডৱ; ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল খাই তহিলং

Posted by: বিদ্যুত জ্যোতি বৰা August 3, 2018 10:59 pm
wild jumbo attack at nagaon

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত সম্প্ৰতি বনৰীয়া হাতীৰ তাণ্ডৱ চলি থকাৰ সময়তে বৃহস্পতি বাৰে নিশা চাপানলাৰ বালিজুৰিত বনৰীয়া হাতীৰ দলে এখন বিদ্যালয়ৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ছাত্ৰ ছাত্ৰী মধ্যাহ্ন ভোজনৰ চাউল খাই তহিলং কৰে।

জানিব পৰা মতে নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ চাপানলা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বালিজুৰিত কালি নিশা খাদ্যৰ সন্ধানত চোৱাং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ দলে সন্ত্ৰাস সৃষ্টি কৰি বালিজুৰি কাজিৰঙা প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলৰ পকী গুদাম ঘৰটো ভাঙি লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বিদ্যালয়খনৰ আবাসগৃহটো ভাঙি পেলোৱা ঘটনাই সমগ্ৰ অঞ্চলতে আতংকৰ সৃষ্টি কৰিছে।

আনহাতে বনৰক্ষী দল ঘটনা সংঘটিত হোৱাৰ বহু সময়ৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰাৰ লগতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে যোৱা ৩০ জুলাইৰ নিশা পাৰ্শ্ববৰ্তী বৰচুংজাৰ গাঁৱত বনৰীয়া হাতীৰ দলে ৭টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে কাষৰে খলিহামাৰী গাঁৱত তিনিটা ঘৰ ভাঙি পেলোৱাৰ  উপৰিও বুধবাৰে নিশা একেখন গাঁৱৰে এটা ঘৰ ভাঙি তহিলং কৰিছিল।