NORTHEAST NOW (Assamese)
অসম

বিটিআৰ চুক্তি স্বাক্ষৰ কৰি প্ৰমোদ বড়োৱে বড়ো জনগোষ্ঠী প্ৰতাৰণা কৰিলে; চণ্ডী বসুমতাৰী

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 16, 2020 8:19 am
2IMG_20200315_150752

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোতে পৃথক বড়ো ৰাজ্য গঠনৰ বাবে অহৰহ সংগ্ৰাম অব্যাহত ৰখা প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ জৰিয়তে পৃথক বড়ো ৰাজ্যৰ দাবী বাদ দি বড়ো জাতিক চৰম প্ৰতাৰণা কৰিলে। এই ভাষ্য ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰীৰ।

আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে আয়োজিত সভাত দলৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰীয়ে এই মন্তব্য আগবঢ়ায় ।

গয়বাৰী ব্লক বিপিএফৰ সভাপতি খামফা ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তেওঁৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । সভাখনত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়েও ভাষণ ৰাখে । বিটিচি গঠন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিএডি অঞ্চলৰ বাবে বিপিএফ দলে কৰা উন্নয়নমূলক কাম কাজৰ এক খতিয়ান দাঙি ধৰে সাংসদগৰাকীয়ে।

এই সভাতে গোপীনাথ ব্ৰহ্মক সভাপতি আৰু জমিৰুদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ গয়বাৰী ব্লক বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয় ।

ইপিনে সভাৰ অন্তত সাংবাদিকৰে হোৱা এক আছুতীয়া বাৰ্তালাপত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ গঠন হব বিটিচি পৰিষদ।

আগন্তুক  বিটিচি নিৰ্বাচনত বিপিএফ দলে কিমান আসন লাভ কৰিব বুলি সোধাত দৈমাৰীয়ে কয় যে ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনত ৩০ খন আসন লাভ কৰি বিপিএফে চৰকাৰ গঠন কৰিব বুলি কৈ আহিছে।

বিপিএফ দলৰ যি উন্নয়নমূলক কাম কাজ তাৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে আৰু  পুনৰ বিপিএফ দলকেই ৰাইজে ভোট দি বিটিচি পৰিষদ গঠনৰ বাবে সুবিধা প্ৰদান কৰিব।

বিজেপি দলে ৪০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয় যে বিপিএফ দলৰ প্ৰতি আকৃষ্ট বিজেপি দল।

বিজেপি নেতা জয়ন্তমল্ল বুজৰবৰুৱাই ধমধমাত বিজেপিৰ বাবে বিপিএফ প্ৰধান শত্ৰু বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত দৈমাৰীয়ে কয়  তেওঁ কি প্ৰসংগত কৈছে মই নাজানো । নিৰ্বাচনত এটা পক্ষই আন এটা বিপৰীত পক্ষক শত্ৰু বুলি ভাবে। যদি আমাৰ সম্মুখত কোনোবাই শত্ৰু হিচাপে থিয় দিয়ে তেন্তে আমাৰো বন্ধু হিচাপে কোনো কথা নাথাকিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।