NORTHEAST NOW (Assamese)

চাফাই কৰ্মচাৰীৰ বাবে ছিকিম চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা   

May 16, 2018 12:02 pm · সাগৰ ছেত্ৰী
Updated: May 16, 2018 12:16 pm

চাফাই কৰ্মচাৰীসকলৰ বাবে ছিকিম ৰাজ্য চৰকাৰে লোৱা বিভিন্ন কল্যাণমূলক পদক্ষেপ তথা পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা প্ৰদান কৰাৰ বাবে চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ মনহাৰ ভালজীভাই জালাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক বিশেষভাৱে প্ৰশংসা জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

‘গেংটক বিউটিফাইয়াৰছ’ৰ জৰিয়তে চৰকাৰে ৰাজ্যখনৰ চাফাই কৰ্মচাৰীসকলক প্ৰদান কৰা সন্মানৰ বাবে মই যথেষ্ট সুখী। এই বুলিও উল্লেখ কৰা পৰিলক্ষিত হয় জালা।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ছিকিমলৈ অহা জালাই এই প্ৰসংগত কয় যে ছিকিমৰ এনে কাৰ্য সচাই শলাগ ল’বলগীয়া। দেশৰ অন্য প্ৰান্ততো চাফাই কৰ্মীসকলৰ বাবে এনেধৰণৰ পদক্ষেপ লোৱাতো প্ৰয়োজনীয়।

উল্লেখ্য যে মঙলবাৰে ৰাজ্যখনৰ ৰাজধানী গেংটকস্থিত পৌৰ নিগমৰ চাফাই কৰ্মচাৰীসকলৰ লগত বিভিন্ন দিশ সম্পৰ্কে গভীৰ আলোচনাত মিলিত হয়।

বৈঠকৰ অন্তত গেংটক পৌৰ নিগমৰ সভাগৃহত আযোজিত এখন সংবাদমেলত জালাই কয় যে বৈঠকৰ সময়ত চাফাই কৰ্মচাৰীসকলৰ পৰা তেওঁলোকৰ অভাৱ অভিযোগৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলো যদিও তেওঁলোকে পৌৰ নিগমৰ কাম কাজত সুখী বুলি জনায়।

তেওঁ লগতে কয় যে ছিকিমে হৈছে একমাত্ৰ ৰাজ্য য’ত ইয়াৰ চাফাই কৰ্মচাৰীসকলে আয়োগক এটাও অভিযোগ তথা ওজৰ আপত্তি দাখিল নকৰিলে।

এখন চহৰ বা এটা অঞ্চল পৰিষ্কাৰ তথা শুৱনি কৰাত বিশেষ অৰিহনা যোগাই চাফাই কৰ্মচাৰীসকলে। কৰ্মচাৰীসকলৰ জীৱনৰ নিৰাপত্তা, সময়ত মজুৰি প্ৰদান, স্বাস্থ্য বীমা, চিকিৎসা প্ৰদান, সাজ-পোচাক প্ৰদান কৰা আদি বিষয়ত অধ্যক্ষগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গেংটক পৌৰ নিগমক এই ক্ষেত্ৰত শলাগ লয়।

ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে চাফাই কৰ্মচাৰীসকলক ছিকিমৰ সকলো অঞ্চল সুন্দৰ তথা পৰিষ্কাৰ কৰি ৰাখিবলৈ অনুপ্ৰাণিত কৰি কয়, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন স্বচ্ছ ভাৰত সাৰ্থক কৰাৰ বাবে চাফাই কৰ্মচাৰীসকলে হৈছে মূল ভেটি। কিন্তু কেবল চাফাই কৰ্মচাৰীসকল নহয় স্বচ্ছ ভাৰতৰ সপোৱ বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে দেশৰ সকলো জনতাই সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব লাগিব।‘

ছিকিমক সুন্দৰ তথা পৰিষ্কাৰ কৰি ৰখাৰ বাবে জালাই ছিকিমৰ মুখ্য মন্ত্ৰী, মেয়ৰ আৰু ছিকিমৰ জনতাক অভিনন্দন জনায়। তেওঁ লগতে কয় যে ছিকিম কেবল চাফ চিকুনে নহয় ইয়াৰ প্ৰাকৃতিক পৰিৱেশো মনোমোহা।

উল্লেখ্যযোগ্য যে গেংটক পৌৰ নিগমত বৰ্তমান ১৬৯ গৰাকী চাফাই কৰ্মী নিয়োজিত হৈ আছে যদিও ইয়াৰে মাত্ৰ ১৬ জনহে স্থায়ী কৰ্মচাৰী ৰূপত কৰ্মৰত।

Related News