ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

ছিকিমত ভয়ংকৰ দুৰ্ঘটনা ঘটিছে। ৰাজ্যৰ নামচি জিলাৰ এটা নিৰ্মাণাধীন সুৰংগৰ বাহিৰত এক বৃহৎ ভূমিস্খলন ঘটে। যাৰ ফলত ৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ পূৰ্বে ২৭ জন শ্ৰমিক ভিতৰত আবদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছিল। ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰৰ কাম এতিয়াও চলি আছে।
জিলা প্ৰশাসনে নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হৈছে। মৃতদেহকেইটা গেংটকৰ এছটিএনএম হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
সূত্ৰ অনুসৰি এই সুৰংগটোৰ ভিতৰত মিথেন গেছ থকাৰ আশংকা কৰা হৈছে। যাৰ বাবে উদ্ধাৰৰ কাম সম্পন্ন কৰাৰ সময়ত বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। এই গেছৰ বাবে উদ্ধাৰকাৰী কৰ্মীসকলৰো স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছে বুলি কোৱা হৈছে।
এনে পৰিস্থিতিত নামচি জিলা প্ৰশাসন, এন এইচ পি চিৰ বিষয়া, এছ ডি আৰ এফ, এন ডি আৰ এফ, ছিকিম আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, জৰুৰীকালীন সেৱা, স্বাস্থ্য বিভাগকে ধৰি আন সকলো বিভাগে মিলি উদ্ধাৰৰ কাম চলাই আছে। বৰ্তমান SSDMA-এ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
বাতৰি অনুসৰি, সমৰদুং সুৰংগত এই দুৰ্ঘটনা সংঘটিত হৈছে। ভূমিস্খলনৰ বাবে সুৰংগটোৰ প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিছে। ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে। কিন্তু সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ অৱস্থা সন্দৰ্ভত বিশেষ তথ্য পোৱা হোৱা নাই।
এন এইচ পি চি তিষ্টা ষ্টেজ ৬ জলবিদ্যুৎ প্ৰকল্পৰ এ ডি আই টি সুৰংগটোৰ নিৰ্মাণৰ কাম চলি আছিল। পেটেল ইঞ্জিনিয়াৰিং নামৰ এটা নিৰ্মাণ কোম্পানীয়ে কামৰ দায়িত্বত আছে। প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় প্ৰশাসনৰ সূত্ৰৰ মতে, সুৰংগটোৰ ভিতৰত প্ৰায় ডেৰ কিলোমিটাৰ গভীৰতাত দীৰ্ঘদিন ধৰি বৃহৎ পৰিমাণৰ বিপজ্জনক মিথেন গেছ জমা হৈ আছিল। সুৰংগটোৰ পৰা জমা হোৱা গেছ মুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। এই সময়তে হঠাতে এক শক্তিশালী বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ তীব্ৰ কম্পনৰ ফলত সুৰংগটোৰ ভিতৰ আৰু বাহিৰত পাহাৰীয়া অংশত ভূমিস্খলন হয়। ফলত সুৰংগটোৰ মুখখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
খবৰ অনুসৰি সুৰংগটোৰ মুখত থকা একাংশ শ্ৰমিকে বিস্ফোৰণৰ পিছত প্ৰাণ লৈ পলাই আহিবলৈ কৰিবলৈ সক্ষম হয়। অৱশ্যে ভিতৰত কাম কৰা বহু কেইজন শ্ৰমিক আবদ্ধ হৈ পৰে। বৰ্তমান তেওঁলোকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে।