NORTHEAST NOW (Assamese)

চামগুৰিত দুৰ্ধৰ্ষ ডকাইত চৰপত আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ

June 27, 2018 10:24 pm · এন ই নাও নিউজ
Updated: June 27, 2018 10:26 pm

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাওঁৰ ভগামুৰৰ পৰা চামগুৰি আৰক্ষীয়ে অভিযান চলাই এটা দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে ভগামুৰৰ চৰপত আলী (৪০) নামৰ দুধৰ্ষ ডকাইতটোৱে কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত হৈ আৰক্ষীৰ চকুত ধুলি দি বিগত সময়ত পলাই ফুৰিছিল।

দুৰ্ধৰ্ষ ডকাইতটোৱে মঙলবাৰে নিশা নিজা ঘৰলৈ অহাৰ  গোপন খবৰ লাভ কৰি চামগুৰি আৰক্ষীৰ দল এটাই অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিগত সময়ত এই দুধৰ্ষ ডকাইতটোৰ পৰা আৰক্ষীয়ে অবৈধ পিষ্টল পৰ্যন্ত জব্দ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পূৰ্বে কেইবাবাৰো জেললৈ যোৱা দুৰ্ধৰ্ষ ডকাইত চৰপতে জেলৰ পৰা ওলাই পুনৰ জিলা খনৰ বিভিন্ন ঠাইত ডকাইতি কাণ্ড সংঘটিত কৰিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

গ্ৰেপ্তাৰ হোৱা ডকাইত চৰপত আলীক আজি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

 

Related News