NORTHEAST NOW (Assamese)

চামগুৰিত শতাধিক লোকৰ উপস্থিতিৰে বিনামূলীয়া যোগ কৰ্মশালা সম্পন্ন

June 18, 2018 11:42 am · মিন্টূ দাস

আগন্তুক আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ উদ্দেশ্যে নগাঁও জিলা চামগুৰিস্থিত আধ্যাত্মিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ অন্যতম অনুষ্ঠান যোগ প্ৰশিক্ষণ কেন্দ্ৰ ‘যোগ প্ৰেৰণা’ৰ ব্যৱস্থাপনাত অনুষ্ঠিত দুদিনীয়াকৈ  বিনামূলীয়া যোগ কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে।

শিশুৰ পৰা বৃদ্ধলৈকে পুৰুষ-মহিলা সকলোৰে বাবে মুকলি থকা উক্ত যোগ কৰ্মশালাত বৃহত্তৰ চামগুৰিৰ  কঠালগুৰি, চাপানলা, উদমাৰী, গেৰুৱামুখ, কলিয়াবৰ, পুৰণিগুদাম, গেন্ধালি, সোণাৰিবালি আদি অঞ্চলৰ পৰা অহা শতাধিক নৱ প্ৰজন্মৰ লগতে বয়োজ্যেষ্ঠ নাগৰিকে চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত ১৬ আৰু ১৭ জুনত নিৰ্দিষ্ট সময়ত উপস্থিত থাকি যোগৰ বিভিন্ন কৌশলসমূহ অনুশীলন কৰা পৰিলক্ষিত হয়।

চামগুৰিস্থিত যোগ প্ৰেৰণা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ স্নাতকোত্তৰ ডিপ্লমাধাৰী, অভিজ্ঞতাসম্পন্ন  যোগ প্ৰশিক্ষক ৰেখামণি দাসৰ তত্বাৱধানত অনুষ্ঠিত যোগ কৰ্মশালাৰ শুভাৰাম্ভ কৰে চামগুৰি সংযুক্ত সাংবাদিক সন্থাৰ সভাপতি প্ৰদীপ বৰাই।

আনহাতে, অহা ২১ জুনত চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত পুৱা সাত বজাত যোগ প্ৰেৰণাৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব বুলি উদ্যোক্তা ৰেখামণি দাসে জানিবলৈ দিয়ে।

উক্ত দিৱসত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা যোগ প্ৰেৰণা কেন্দ্ৰৰ উদ্যোগত বিভিন্ন ঠাইৰ দহটা যোগ প্ৰশিক্ষণ কেন্দ্ৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

Related News