NORTHEAST NOW (Assamese)
অসম

চামগুৰিত সোণ বিক্ৰী কৰিবলৈ অহা প্ৰবঞ্চক মহিলাক স্থানীয় ৰাইজৰ লপাথপা

Posted by: বিদ্যুৎ জ্যোতি বৰা July 27, 2018 10:06 pm

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি তিনি আলিত দুগৰাকী ঠগ, প্ৰবঞ্চক মহিলা সোণ বিক্ৰী কৰিবলৈ আহি আজি বিয়লি ৰাইজৰ ৰোসত পৰি লপাথপা খাবলগীয়া হোৱা ঘটনাই সমগ্ৰ চামগুৰি অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে আজি বিয়লি প্ৰায় তিনি বজাত চামগুৰি তিনি আলিৰ নগেন বৰাৰ ঘৰত দুগৰাকী মহিলাই সোণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহে। সেই অনুসৰি সোণৰ ফুলি নগেনৰ পৰিয়ালক দেখুৱাই এযোৰ ফুলি তিনি হাজাৰ পাঁচশ টকাত দৰদাম কৰে।

কিন্তু মহিলা দুৰগৰাকীয়ে আচল সোণৰ ফুলি দেখুৱাই নকল সোণৰ ফুলি দি টকা লৈ যাবলৈ ধৰে যদিও পৰিয়ালৰ লোকে মহিলা দুগৰাকীক ধৰি ৰাখে।

আৰু পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত পৰিয়ালৰে সদস্য নগেনে চামগুৰিৰ এখন সোণাৰী দোকানত পৰীক্ষা কৰাত নকল সোণ বুলি জানিব পাৰে।

ফলত লগে লগে স্থানীয় একাংশ মহিলাই দুই ঠগ, প্ৰবঞ্চক মহিলাক উত্তম-মধ্যম সোধাই চামগুৰি আৰক্ষীৰ হাতত মহিলা দুৰগৰাকীক চমজাই দিয়ে।

স্থানীয় ৰাইজে কৰায়ত্ত কৰা মহিলা দুগৰাকী ক্ৰমে নগাঁৱৰ কাতিমাৰী গাঁৱৰ আব্দুল আলীৰ পত্নী স্বৰ্মূত্ৰ খাতুন(২৭) আৰু আব্দুল হাচিমৰ পত্নী মিনাৰা খাতুন(২৬) বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে মহিলা দুগৰাকীক জেৰা অব্যাহত ৰখা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।