NORTHEAST NOW (Assamese)
অসম

SBIত ৮,৫০০ পদত নিযুক্তিৰ বাবে স্নাতক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 12:44 pm
SBI-Recruitment-2018-750x430-750x375

শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংক(SBI)য়ে প্ৰবেশ্যনাৰি অ’ফিচাৰৰ ২০০০পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে বেংকটোৱে পুনৰ নিয়োগৰ বিজ্ঞাপন জাৰি কৰিছে।

বেংকটোৱে এইবাৰ এপ্ৰেন্টিছ পদত নিযুক্তিৰ বাবে  SBI Apprentice 2020 ৰে বৃহৎ সংখ্যক পদৰ বিজ্ঞাপন জাৰি কৰিছে।

মুঠ খালী পদৰ সংখ্যা হৈছে আঠ হাজাৰ পাঁচশ। ১৯৬১চনৰ এপ্ৰেন্টিছ আইন অনুসৰি এই নিযুক্তি দিয়া হ’ব বুলি কোৱা হৈছে।

লিখিত পৰীক্ষাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হ’ব। ২০২১চনৰ জানুৱাৰি মাহত সৰ্বভাৰতীয় পৰ্যায়ত এই লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

২০ নৱেম্বৰৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে অহা ১০ ডিচেম্বৰ।

SBI Apprentice 2020 পদৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন কৰিব পাৰিব। ২০২০চনৰ ৩১ অক্টোবৰত প্ৰাৰ্থীৰ বয়স ২০বছৰৰ পৰা ২৮বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হ’ব।

তদুপৰি, প্ৰাৰ্থী চৰকাৰীভাৱে স্বীকৃত কোনো বিশ্ববিদ্যালয়ৰ পৰা স্নাতক বা ইয়াৰ সমতুল্য ডিগ্ৰীধাৰী হ’ব লাগিব।

এপ্ৰেন্টিছ পদত প্ৰশিক্ষণৰ সময়সীমা ৩বছৰ। ইয়াৰে প্ৰথম বছৰত নিৰ্বাচিত প্ৰাৰ্থীয়ে ১৫,০০০টকা ভাট্টা লাভ কৰিব। সেইদৰে, দ্বিতীয় আৰু তৃতীয় বছৰত সেই ভাট্টা ক্ৰমে ১৬,৫০০ আৰু ১৯,০০০টকা হ’ব।

ইচ্ছুক প্ৰাৰ্থীসকলে sbi.co.in.ত গৈ অনলাইন আবেদন কৰিব পাৰে।