NORTHEAST NOW (Assamese)
অসম

ড’নাল্ড ট্ৰাম্প জুনিয়ৰ কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 12:24 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জেষ্ঠ পুত্ৰ ড’নাল্ড ট্ৰাম্প জুনিয়ৰ কোভিড প’জিটিভ হৈছে।

শুকুৰবাৰে ড’নাল্ড ট্ৰাম্প জুনিয়ৰৰ মুখপাত্ৰই জুনিয়ৰ ট্ৰাম্প কোভিড প’জিটিভ হোৱা বুলি সদৰী কৰে।

বিগত সপ্তাহতে ৪২ বছৰীয়া ড’নাল্ড ট্ৰাম্প জুনিয়ৰে কোভিড আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল আৰু নিজে কোৱাৰেণ্টাইনত আছিল।

বৰ্তমান সময়ত ড’নাল্ড ট্ৰাম্প জুনিয়ৰৰ শৰীৰত কোভিডৰ কোনো লক্ষণ দেখা দিয়া নাই আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় প্ৰট’কল সমূহ পালন কৰি আছে বুলি তেওঁৰ মুখপাত্ৰই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ তৰ্কৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু পত্নী মেলেনিয়া ট্ৰাম্প কোভিড প’জিটিভ হৈছিল।

মাত্ৰ দুদিন চিকিৎসালয়ত কটাই ট্ৰাম্প দম্পত্তি নিজ গৃহলৈ উভতি আহিছিল।

সদ্যঘোষিত মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰপতি ট্ৰাম্প ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিডেনৰ হাতত পৰাজয় বৰণ কৰে।