NORTHEAST NOW (Assamese)
Popular Stories

যোগীৰ ৰাজ্যত আকৌ বৰ্বৰ কাণ্ড : গৰ্ভস্থ সন্তানৰ লিঙ্গ চাবলৈ চোকা অস্ত্ৰৰেৰে পত্নীৰ পেট কাটিলে স্বামীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2020 4:37 pm
attack-on-youth-with-sharp-weapon_201910311131

যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত ইটোৰ পিছত সিটো নৃশংস কাণ্ড সংঘটিত হৈয়ে আছে।

হত্যা আৰু ধৰ্ষণে সঘনাই সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ সংঘটিত হৈছে অন্য এক নৃশংস তথা লোমহৰ্ষক কাণ্ড।

এজন স্বামীয়ে সাতমহীয়া গৰ্ভৱতী পত্নীৰ গৰ্ভস্থ সন্তানৰ লিঙ্গ জানিবলৈ পত্নীৰ পেট এখন ধাৰাল অস্ত্ৰৰে কাটিলে। ইতিমধ্যে এই নৃশংস কাণ্ড সংঘটিত কৰাৰ স্বামীজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ বৰেলীৰ নেকপুৰৰ বাসিন্দা পান্নালাল পাঁচটি কন্যা সন্তানৰ পিতৃ।

জানিব পৰা মতে ঘটনাৰ দিনা ষষ্ঠবাৰলৈ গৰ্ভৱতী হোৱা পান্নালালৰ পত্নী সাতমহীয়া অন্তঃসত্ত্বা। স্বামী পান্নালালে ষষ্ঠটো সন্তান পুত্ৰ হোৱাটো কামনা কৰিছিল।

দেশত গৰ্ভস্থ ভ্ৰূণৰ লিঙ্গ নিৰ্ণয় কৰাতো এক অপৰাধ। গতিকে চিকিৎসক তথা চিকিৎসা বিজ্ঞানৰ সহায়ত পান্নাললালে পত্নীৰ গৰ্ভস্থ ভ্ৰূণটোৰ লিঙ্গ নিৰ্ণয় কৰোৱাব নোৱাৰিলে।

উপায়ন্তৰ হৈ পান্নালালে শনিবাৰে সন্ধিয়া সংঘটিত কৰিলে এই নৃশংস কাণ্ডটো।

এখন ধাৰাল অস্ত্ৰৰে স্বামী পান্নালালে গৰ্ভৱতী পত্নীৰ পেট কাটি ফালি পেলালে। গৰ্ভৱতী নাৰী গৰাকীৰ যন্ত্ৰণাৰ বিকৎ চিঞৰ শুনি প্ৰতিৱেশী তিৰোতাসকলে গৈ ততাতৈয়াকৈ গৰ্ভৱতী মহিলা গৰাকীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

গৰ্ভৱতী মহিলা গৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে গৰ্ভৱতী মহিলা গৰাকীৰ পিতৃ গৃহই পান্নালালৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত পান্নালালক গ্ৰেপ্তাৰ কৰিছে।

ইফালে পান্নালালৰ পৰিয়ালৰ তৰফৰ জানিব পৰা গৈছে একাদিক্ৰমে পাঁচ গৰাকী কন্যা সন্তান জন্ম দিয়াৰ বাবে পত্নীৰ ওপৰত অসন্তুষ্ট হৈ আছিল স্বামী পান্নালাল।