NORTHEAST NOW (Assamese)

চামগুৰিৰ পহুকটাত বাগৰিল তেলৰ টেংকাৰ : পুৱাই পেট্ৰ’ল কঢ়িওৱাত লাগিল হেতাওপৰা

July 27, 2018 11:57 am · বিদ্যুত জ্যোতি বৰা

কেইমাহমান আগতে নগাঁও জিলাৰ চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গেছ ভৰ্তি টেংকাৰত জুই লগা ঘটনাই সমগ্ৰ চামগুৰিবাসীৰ মাজত আতংকৰ সৃষ্টি কৰাৰ পিছত আজি পুনৰ এখন তেলৰ টেংকাৰ বাগৰি পৰাৰ ফলত তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে উজনিৰ নুমলীগড়ৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ ডি চি ৭৩৪৪ নম্বৰৰ পেট্ৰ’ল ভৰ্তি টেংকাৰখন চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত অঞ্চলবাসীৰ মাজত তীব্ৰ উত্তেজনা সৃষ্টি হয়। ইয়াৰ মাজতে একাংশ লোকে হাতে হাতে বটল, জাৰ, বাল্টি লৈ পেট্ৰ’ল ভৰোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ টেংকাৰখন উঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে সোনাৰিবালিৰ পৰা অগ্নিনিৰ্বাপক গাড়ী আনি সাজু কৰি ৰাখি থোৱা দেখা যায়।

আনহাতে, এই সময়ছোৱাত উজনি আৰু নামনি অভিমুখী দূৰ দূৰণিৰ গাড়ীসমূহৰ যানজঁটৰ সৃষ্টি হোৱাত যাত্ৰীসকলে প্ৰায় তিনি ঘন্টা পৰ্যন্ত দুৰ্ভোগ ভোগা পৰিলক্ষিত হয়।

Related News