NORTHEAST NOW (Assamese)

চাহ মজুৰি বৃদ্ধিৰ দাবীত গোলাঘাটৰ দক্ষিণহেঙেৰা চাহ বাগিচা শ্ৰমিকৰ প্ৰতিবাদ

May 14, 2018 2:14 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ প্ৰতি কৰা অহা চূড়ান্ত প্ৰৱঞ্চনা, প্ৰতাৰণাত অতিষ্ঠ হৈ গোলাঘাটৰ দক্ষিণহেঙেৰা চাহ বাগিচা শ্ৰমিক সকলে তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি কয় যে অতি শীঘ্ৰে আমাৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিব লাগিব। অন্যথা পৰৱৰ্তী সময়ত ভয়াবহ আন্দোলন গঢ়ি তুলিম।

ইয়াৰ উপৰি শ্ৰমিকসকলে তেওঁলোকৰ ভ্ৰমণ বানচ আৰু ঘৰ ভাড়া বৃদ্ধি কৰাৰো দাবী জনায়।

উল্লেখ্য যে চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত বিগত সময়ছোৱাত ৰাজ্যজুৰি ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। কিন্তু চৰকাৰে শ্ৰমিকসকলৰ ন্যায্য দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নিদিলে।

মনকৰিবলগীয়া যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া মজুৰি উপদেষ্টা ব’ৰ্ডেও ভেঁকোভাওনাৰ আশ্ৰয় লোৱা বুলি বাগানখনৰ শ্ৰমিকসকলে উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁলোকে কয় যে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫০ টকাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব।

Related News