NORTHEAST NOW (Assamese)

চাৰিং শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী ছাত্ৰীৰ আকস্মিক বিয়োগ

June 27, 2018 10:39 pm · ৰাজীৱ দত্ত
প্ৰতিনিধিত্বমূলক ছবি

শিৱসাগৰ জিলাৰ চাৰিঙৰ একমাত্ৰ স্ত্ৰী শিক্ষানুষ্ঠান শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ মেধাবী ছাত্ৰী পূজা কাকতিৰ আজি বিয়লি আকস্মিকভাৱে বিয়োগ হোৱাৰ বতৰাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

২২ জুনৰ পৰা বিদ্যালয়ত অনুষ্ঠিত হৈ থকা ছমহীয়া পৰীক্ষাত কালি পৰ্যন্ত অৱতীৰ্ণ হোৱা ছাত্ৰী গৰাকীৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰীসকল।

উল্লেখযোগ্য যে কিছুদিন ধৰি বসন্ত ৰোগত আক্ৰান্ত হৈ থকা ছাত্ৰী গৰাকীয়ে আজি পুৱাৰ ভাগত শৌচ, বমি আৰু পেটৰ বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাছিল যদিও চিকিৎসকে অক্সিজেন মাস্ক লগাই থকা অৱস্থাতেই ছাত্ৰী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

চাৰিং কাকতি গাঁও নিবাসী প্ৰয়াত ললিত কাকতি আৰু বীণা কাকতিৰ দ্বিতীয় কন্যা পিংকী অত্যন্ত মেধাবী আৰু সহজ সৰল ছাত্ৰী আছিল বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰতাপ নাথে এই সংবাদদাতাক জানিবলৈ দিয়ে।

ছাত্ৰী গৰাকীৰ মৃতদেহ বাসগৃহত আহি পোৱাৰ পিছতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি চাৰিঙৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ছাত্ৰী গৰাকীৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেওঁৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

আনহাতে প্ৰায় এমাহৰ পুৰ্বে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰী তথা চাৰিং ন-পাম খনিকৰ গাঁৱৰ ৰুণিমা খনিকৰো আকস্মিকভাবে মৃত্যু বৰণ কৰিছিল। দুটা মাহৰ ভিতৰত দুগৰাকীকৈ মেধাবী ছাত্ৰীক হেৰুৱাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰী সকল শোকাভূত হৈ পৰিছে।

উল্লেখযোগ্য যে অঞ্চলটোত দুখনকৈ চিকিৎসালয় আছে যদিও প্ৰয়োজনীয় চিকিৎসক নথকাত প্ৰায়েই মূমূৰ্ষ অৱস্থাত ৰোগীসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনিব লগা হয়।

চিকিৎসাশাস্ত্ৰৰ জয় জয় ময় ময় দিনটো এনেদৰে সামান্য ৰোগতে বিদ্যালয়খনৰ দুগৰাকীকৈ ছাত্ৰীৰ আকস্মিক বিয়োগে জনসাধাৰণক শোকস্তব্ধ কৰাই নহয় চিন্তাম্বিত কৰি তুলিছে।

Related News