NORTHEAST NOW (Assamese)
অসম

চাৰিদুৱাৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে যুৱকে

Posted by: এন ই নাও নিউজ ব্যুৰো December 3, 2017 3:36 pm
চাৰিদুৱাৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে যুৱকে

হাবিৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মানুহৰ সৈতে সংঘাতৰ মুখামুখি হোৱা ঘটনা নিয়মীয়া ঘটনাত পৰিণত হৈছেগৈ। যোৱা দহ দিন মানৰ ভিতৰত এনে সংঘাতৰ পৰিণতিত পাঁচ-ছটাকৈ হাতীৰ মৃত্যু হোৱাৰ লগতে একাধিক লোকৰ মৃত্যু হৈছে। এনেকুৱা এটা ঘটনাত শেহতীয়াকৈ যোৱা ২ ডিচেম্বৰত চাৰিদুৱাৰ অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে অঞ্চলটোৰ ৰিহাজুলি কোচ গাৱঁৰ আশে-পাশে যোৱা কেইদিনমান কেইবাটাও বনৰীয়া হাতীৰ দল খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছিল। শনিবাৰে নিশা প্ৰায় ১২ বজাত গাওঁখনৰ যুৱক চন্দন দাসে সমনীয়াৰ সৈতে বাহিৰত ঘূৰি ফুৰোতে হাতীৰ পালটোৰ মুখামুখি হয়। তেনেকুৱাতে পালটোৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে চন্দন দাসক আক্ৰমণ কৰে আৰু তেওঁ গুৰুতৰভাৱে আহত হয় কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয়।