NORTHEAST NOW (Assamese)
অসম

জাগুনত কৰুণ ঘটনা; বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ June 17, 2021 7:39 am
Videoframe_20210616_194858_com

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত সংঘটিত হৈছে এক কৰুণ ঘটনা।

জাগুন আৰক্ষী চকীৰ অন্তৰ্গত লাকলা মিছিং গাঁৱত সংঘটিত হৈছে এই ঘটনা।

অজয় মিলি নামৰ প্ৰায় ২৬ বছৰীয়া এজন যুৱক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।

নিজ গৃহত বাল্ব সলনি কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ মঙলবাৰে নিশা এইদৰে কৰুণ মৃত্যুক আঁকোৱালি লয় অজয়ে।

যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

ঘটনাস্থলীত জাগুন আৰক্ষীৰ এটা দল উপস্থিত হৈ বুধবাৰে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা গ্ৰহণ কৰে।