NORTHEAST NOW (Assamese)
অসম

চাৰিদুৱাৰৰ মোলানগাঁৱত নিশা বনৰীয়া হাতীৰ তাণ্ডৱত ৰাইজৰ দুৰ্গতি

Posted by: ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী July 2, 2018 2:36 pm
angry

সম্প্ৰতি ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী- মানুহৰ সংঘাত । শোনিতপুৰৰ চাৰিদুৱাৰৰ মোলানগাঁৱত নিশা বনৰীয়া হাতীৰ সন্ত্ৰাসত ৰাইজৰ ত্ৰাহি মধুসুদন সুঁৱৰিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা অহা ‘লাডেন’ নামৰ এটা বনৰীয়া হাতীয়ে মোলানগাঁৱত প্ৰৱেশ কৰি গাঁৱখনৰ চমা মুণ্ডা ,ডম্বৰ নেৱাৰ,মালি মুণ্ডা আৰু টংকেশ্বৰ তাঁতী নামৰ চাৰিজনকৈ লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে চমা মুণ্ডা আৰু মালি মুণ্ডাৰ ভড়ালঘৰ ভাঙি ভড়ালৰ ধান খায় তহিলং কৰে।

পাছত ৰাইজে কোনোমতেহে বনৰীয়া হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়। এনেদৰেই এতিয়া বালিপৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলায় আহিছে যদিও বন বিভাগে হাতীকেইটা খেদি পঠিয়াবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও বহু অঞ্চলত কেইবাটাও বনৰীয়া হাতীয়ে ৰাইজৰ মাজত ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ গোৱালপাৰাত ‘লাডেন’ নামৰ এটা বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল।তদুপৰি বান্দীয়া’ নামেৰে পৰিচিত বনৰীয়া হাতী এটাই বিগত এবছৰ ধৰি পেঙেৰী অঞ্চলত তাণ্ডৱ চলাই বহুকেইটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে হাতীটোৰ আক্ৰমণত ইতিমধ্যে ১৫ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি জানিব পৰা গৈছে।