NORTHEAST NOW (Assamese)
অসম

চিনে’মা নিৰ্মাতা দীপ চৌধুৰী, সংগীত পৰিচালক অনুৰাগ শইকীয়ালৈ ক্ৰমে বিদ্যুৎ চক্ৰবৰ্তী আৰু শ্বেৰ চৌধুৰী সৃষ্টিশীল সন্মান

Posted by: এন ই নাও নিউজ March 11, 2018 3:56 pm
Deep-Choudhury

চিনে’মা নিৰ্মাতা দীপ চৌধুৰীলৈ ২০১৮ চনৰ বিদ্যুৎ চক্ৰবৰ্তী সৃষ্টিশীল সন্মান আৰু সংগীত পৰিচালক অনুৰাগ শইকীয়ালৈ শ্বেৰ চৌধুৰী সৃষ্টিশীল সন্মান আগবঢ়োৱা হৈছে।

বিদ্যুৎ চক্ৰবৰ্তী ন্যাসৰ সহযোগত অইল ইণ্ডিয়া লিমিটে’ড আৰু সাংস্কৃতিক সংগঠন ‘সূৰ্য্য’ই যুটীয়াভাৱে এই সন্মান আগবঢ়াইছে।

শনিবাৰে প্ৰদান কৰা এই সন্মানত এটাকৈ ট্ৰফি, এখনকৈ প্ৰশংসাপত্ৰ আৰু ৫০ হাজাৰ টকাকৈ নগদ ধন দিয়া হৈছে।

দীপ চৌধুৰীয়ে ২০০৯ চনত তেওঁৰ প্ৰথম চুটি ছবি ‘আই এম এ’ পয়েট’ যুটীয়াভাৱে পৰিচালনা কৰিছিল। হিন্দী/ মাৰাথী চুটি ছবি ‘চুৰমাই’ৰ বাবে তেওঁ ২০১৪ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বিচাৰকৰ সন্মান লাভ কৰিছিল। ২০১৭ চনত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শেহতীয়া ছবি ‘’ৰ বাবে তেওঁলৈ আত্মপ্ৰকাশকাৰী পৰিচালকৰদ্বাৰা নিৰ্মিত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

আনগৰাকী বঁটাপ্ৰাপক অনুৰাগ শইকীয়াই তেওঁৰ প্ৰথম এলবাম ‘টোপ টোপ’ৰ বাবে লাভ কৰিছিল বিগ মিউজিকৰ শ্ৰেষ্ঠ সংগীত প্ৰযোজক বঁটা। তেওঁ ‘চিকাৰ’, ‘Man with the Binoculars’, ‘দিকচৌ বনত পলাশ’, ‘ইশ্বু’, ‘মাজ ৰাতি কেতেকী’ আদি চিনে’মাটো তেওঁ সংগীত পৰিচালনা কৰিছে।